গুৱাহাটীৰ আত্মৰক্ষা প্ৰশিক্ষক অশ্মিতা পালক তেওঁৰ উৎকৃষ্ট সমাজসেৱা আৰু মহিলা সৱলীকৰণৰ দিশত কৰা অনবদ্য অৱদানৰ বাবে কালি ওড়িশ্যাৰ পুৰীস্থিত ‘জিলা সাংস্কৃতিক কাৰ্যালয় প্ৰেক্ষাগৃহত’ (District Cultural Office Auditorium) অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘ভাৰত বিভূষণ সম্মান ২০২৬’ (Bharat Vibhushan Award 2026) ৰে অলংকৃত কৰা হয়।
‘স্বামী বিবেকানন্দ ইনষ্টিটিউট অৱ আৰ্টছ এণ্ড কালচাৰ’ (Swami Vivekananda Institute of Arts & Culture) ৰ উদ্যোগত অনুষ্ঠিত ‘ভাৰত বৈভৱ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ২০২৬’ৰ মজিয়াত অশ্মিতা পালক এই বিশেষ সম্মান প্ৰদান কৰা হয়। সমগ্ৰ দেশজুৰি কিশোৰী , যুৱতী আৰু মহিলাসকলক বিনামূলীয়াকৈ আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰি ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানক বাস্তৱায়িত কৰাৰ লগতে নাৰীসমাজৰ মাজত আত্মবিশ্বাস আৰু সুৰক্ষা বৃদ্ধি কৰাত তেওঁ আগবঢ়োৱা নিৰৱচ্ছিন্ন অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয়।
বঁটা গ্ৰহণ কৰি অশ্মিতা পালে কয় যে, এই সন্মানে তেওঁক ভৱিষ্যতে মহিলাসকলক স্বাৱলম্বী আৰু সুৰক্ষিত কৰি তোলাৰ যাত্ৰাত অধিক উৎসাহিত কৰিব। অনুষ্ঠানত উপস্থিত থকা দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অশ্মিতা পালৰ এই সফলতাৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

