কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ হৰিনগৰ দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
শিয়ালৰ আক্ৰমণত আহত পুৰুষ-মহিলা, শিশু সহ ৮ জন লোক। ইয়াৰে চাৰিজন বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।
জানিব পৰা মতে ,বুধবাৰে হৰিনগৰ দ্বিতীয় খণ্ড গাঁৱৰ ৰাজিয়া বেগম লস্কৰ নামৰ এগৰাকী মহিলাই ঘৰৰ বাহিৰত বাথৰুমলৈ গৈছিল। হঠাৎ শিয়ালে অকলে পাই তাইক আক্ৰমণ কৰে শৰীৰৰ বিভিন্ন অংশত আঘাত কৰে।
পিছত তাই চিঞৰি বাখৰ কৰাত ঘৰৰ আন মানুহবোৰ তাইক বচাবলৈ আহে, তেতিয়া শিয়ালটোৱেও সিহঁতকো আক্ৰমণ কৰে আৰু কেইবাজনো লোক আহত হয়। পিছত শিয়ালটোৱে খেদি দিয়াত তাৰ পৰা পলায়ন কৰে। ইয়াৰ পিছত শিয়ালে এটাৰ পিছত এটাকৈ ৭টা ঘৰত আক্ৰমণ কৰে।
সেইদিনা শিয়ালৰ আক্ৰমণত পুৰুষ-মহিলা আৰু শিশু সহ মুঠ ৭জন লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোক হ’ল ফুৰকান উদ্দিন লস্কৰ, ফখৰুণ নেছা লস্কৰ, ৰাজিয়া বেগম লস্কৰ, আহাদ উদ্দিন লস্কৰ, ছাইৰা বেগম লস্কৰ, জাব্ৰুল উদ্দিন আৰু ইন্তাজুৰ ৰহমান। ইয়াৰে চাৰিজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
বাকী তিনিজনক প্ৰাথমিক চিকিৎসাৰ অন্তত মুকলি কৰি দিয়া হৈছে। ইফালে এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিয়ালৰ ভয় অঞ্চলটোৰ সাধাৰণ ৰাইজৰ মাজত বিয়পি পৰিছে।

