Renu Dhariyal: দীঘল চুলিৰ অধিকাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতৰ ৰেণু ধৰিয়ালে

বিশ্বৰ আটাইতকৈ দীঘল চুলিৰ অধিকাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতৰ ৰেণু ধৰিয়ালে। (Renu Dhariyal)

তেওঁৰ ক’লা চুলিৰ দৈৰ্ঘ্য ২৭১.৫০ ছেণ্টিমিটাৰ (৮ ফুট ১০ ইঞ্চি)।


অবিশ্বাস্যভাৱে ডাঠ, চিকচিকিয়া আৰু দীঘল চুলিৰ অধিকাৰী ৰেণু ধৰিয়ালে কয় যে ২০১৫ চনৰ পৰা মই মোৰ চুলিবোৰ অভিৰতভাৱে বৃদ্ধি কৰি আহিছো৷ ২০১৫ৰ পৰাই মই কেতিয়াও চুলি কটা নাই৷ ইমান দীঘল চুলিৰ যত্ন লোৱাটো কোনো সহজ কাম নহয়, দীঘল চুলি ৰক্ষণাবেক্ষণ কৰিবলৈ বহুত ধৈৰ্য্যৰ প্ৰয়োজন হয়। মই ৰাসায়নিক সামগ্ৰীৰ পৰা আঁতৰি থাকোঁ আৰু লগতে ৰাসায়নিক মুক্ত ঘৰতে বনোৱা চুলিৰ তেল আৰু ঘৰতে বনোৱা শ্বেম্পুৰ গোপনীয়তাও মোৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰো।

Related Articles