বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিলে বিজয়ৰ পত্নী সংগীতাই, ভাইৰেল ১৯৯৯ৰ বিবাহৰ ফটো
তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা অভিনেতা বিজয়ৰ দাম্পত্য জীৱনক লৈ চলি থকা চৰ্চাৰ মাজতে আহিছে নতুন খবৰ। বিজয়ৰ পত্নী সংগীতা স্বৰ্ণলিংগমে পাৰিবাৰিক আদালতত দাখিল কৰা বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত দুয়োৰে মাজত চলি থকা বিবাহ বিচ্ছেদৰ গোচৰটো বন্ধ হৈ পৰিছে।

সংগীতাই বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে বিজয়ৰ অনুৰাগীসকলৰ মাজত আনন্দৰ সৃষ্টি হৈছে। অনুৰাগীসকলৰ একাংশই ইয়াক দুয়োৰে দাম্পত্য জীৱনৰ বিবাদৰ সুখকৰ পৰিসমাপ্তি হিচাপে অভিহিত কৰিছে।
শেহতীয়া শুনানিত সংগীতাই লণ্ডনৰ পৰা ভিডিঅ’ লিংকৰ জৰিয়তে আদালতত অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে। অৱশ্যে বিজয় শুনানিত উপস্থিত নাছিল। ইয়াৰ পিছতে সংগীতাই হঠাতে বিবাহ বিচ্ছেদৰ আবেদনখন প্ৰত্যাহাৰ কৰে।
ইফালে এই খবৰৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিজয় আৰু সংগীতাৰ ১৯৯৯ চনৰ বিবাহৰ ফটো। ১৯৯৯ চনৰ ২৫ আগষ্টত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত হিন্দু পৰম্পৰা অনুসৰি দুয়োৰে বিবাহ সম্পন্ন হৈছিল।

বিজয় আৰু সংগীতাৰ দুটা সন্তান আছে। তেওঁলোকৰ পুত্ৰ জেছন সঞ্জয় আৰু কন্যা দিৱ্যা শাশা। দিৱ্যা শাশাই মাতৃ সংগীতাৰ সৈতে লণ্ডনত থকাৰ বিপৰীতে জেছন সঞ্জয় তামিলনাডুত থাকে বুলি জানিব পৰা গৈছে।
প্ৰায় ২৫ বছৰীয়া দাম্পত্য জীৱনত সংগীতাই বিজয়ৰ কেৰিয়াৰত সদায় সমৰ্থন আগবঢ়াই আহিছিল। অৱশ্যে তেওঁ নিজে জনপ্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ পছন্দ কৰিছিল। সেইবাবেই দুয়োকে চলচ্চিত্ৰ জগতৰ অন্যতম চৰ্চিত তথা আদৰ্শ দম্পতী হিচাপেও গণ্য কৰা হৈছিল।
২০২১ চনৰ পৰাই বিজয় আৰু সংগীতাৰ সম্পৰ্কক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আহিছিল। বিশেষকৈ বিজয়ৰ ৰাজনৈতিক কাৰ্যসূচী আৰু সভাসমূহত সংগীতাৰ অনুপস্থিতিয়ে এই চৰ্চা অধিক বৃদ্ধি কৰিছিল।

এতিয়া বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰাৰ পিছত বিজয় আৰু সংগীতাৰ মাজত পুনৰ মিলন ঘটিব নেকি, নে দুয়ো পৃথকে থাকিব—সেই প্ৰশ্নক লৈ অনুৰাগী আৰু সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে। অৱশ্যে দুয়োৰে ব্যক্তিগত সম্পৰ্কৰ বৰ্তমান অৱস্থাৰ বিষয়ে কোনো আনুষ্ঠানিক স্পষ্টীকৰণ প্ৰকাশ পোৱা নাই।

