বিজেপিৰ নতুন সাংগঠনিক নিযুক্তি ঘোষণা, ৰাষ্ট্ৰীয় সম্পাদকৰ তালিকাত অসমৰ মৃগাংক বৰ্মন

বিজেপিৰ নতুন সাংগঠনিক নিযুক্তি ঘোষণা, ৰাষ্ট্ৰীয় সম্পাদকৰ তালিকাত অসমৰ মৃগাংক বৰ্মন

ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ নতুন সাংগঠনিক নিযুক্তিৰ তালিকা ঘোষণা কৰিছে। নতুন সাংগঠনিক ব্যৱস্থাপনাত ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে ১৩গৰাকী নেতাক নিযুক্তি দিয়া হৈছে। একেদৰে বি এল সন্তোষক নতুন সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।

শিৱপ্ৰকাশ আৰু সৌদান সিঙক যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোৱে লগতে ৮গৰাকী নতুন সাংগঠনিক সাধাৰণ সম্পাদক আৰু ১৬গৰাকী ৰাষ্ট্ৰীয় সম্পাদক নিযুক্ত কৰিছে।

ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰা নেতাসকলৰ ভিতৰত অসমৰ মৃগাংক বৰ্মনো আছে। তেওঁৰ এই নিযুক্তিয়ে অসম বিজেপিৰ সংগঠনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক বিজেপিৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজেশ মংগলক যুটীয়া কোষাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়কৰ দায়িত্ব সম্বিত পাত্ৰক অৰ্পণ কৰা হৈছে।

দলীয় মৰ্চাসমূহতো নতুন নেতৃত্ব ঘোষণা কৰা হৈছে। যুৱ মৰ্চাৰ সভাপতি হিচাপে ড০ হেমাংগ যোশীক নিযুক্তি দিয়া হৈছে। মহিলা মৰ্চাৰ দায়িত্ব লাভ কৰিছে ৰূপ কুমাৰী চৌধুৰীয়ে। OBC মৰ্চাৰ অধ্যক্ষ হিচাপে অমল পাল মৌৰ্যক দায়িত্ব দিয়া হৈছে।

কিষাণ মৰ্চাৰ দায়িত্ব বংশীলাল গুৰ্জ্জৰক, SC মৰ্চাৰ দায়িত্ব শিৱ কুমাৰ ৰামক আৰু ST মৰ্চাৰ অধ্যক্ষ হিচাপে মান্নালাল ৰাৱাটক নিযুক্তি দিয়া হৈছে। সংখ্যালঘু মৰ্চাৰ দায়িত্ব কোঁৱৰ বাছিত আলীক অৰ্পণ কৰা হৈছে।

বিজেপিৰ এই নতুন সাংগঠনিক নিযুক্তিসমূহে আগন্তুক দিনত দলটোৰ সংগঠন শক্তিশালী কৰাৰ লগতে বিভিন্ন ৰাজ্য আৰু সামাজিক গোটৰ মাজত দলীয় সাংগঠনিক কাম-কাজ অধিক সক্ৰিয় কৰাৰ লক্ষ্য বহন কৰা বুলি ধাৰণা কৰা হৈছে।

Related Articles