Breaking

‘India’ক ‘Bharat’ নামেৰে নামাকৰণৰ দাবী : পুনৰ বিতৰ্কত কংগনা ৰাণাৱট

0 2,076

নতুন বিতৰ্কৰ সৈতে পুনৰ সংবাদ শীৰ্ষত অভিনেত্ৰী কংগনা ৰাণাৱট। ‘India’ক ‘Bharat’ নামেৰে নামাকৰণৰ দাবী উত্থাপন কৰিছে কংগনাই। এই সন্দৰ্ভত এক দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। ‘ভাৰত’ আৰু ‘ইণ্ডিয়া’ৰ মাজৰ পাৰ্থক্য বৰ্ণনা কৰিছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘ভাৰত এক সংস্কৃত শব্দ। ‘ভ’ ৰে ভাৱ, ‘ৰ’ ৰে ৰাগ আৰু ‘ত’ ৰে তাল অৰ্থ প্ৰকাশ কৰে’। ‘ইণ্ডিয়া’ সন্দৰ্ভত কংগনাই কয়, ‘ভাৰত তেতিয়াহে আগবাঢ়িব, যেতিয়া নিজৰ সভ্যতা আৰু সংস্কৃতিত বিশ্বাস ৰাখি সেই পথ অনুকৰণ কৰি আগুৱাই যাব’। লগতে তেওঁ কয়, ব্ৰিটিছে ইণ্ডিয়া নামটো এক দাসত্বৰ নাম হিচাপে দিছিল, যাৰ অৰ্থ সিন্ধু নদীৰ পূৱ অংশ। গতিকে দাসত্বৰ নামাকৰণ হিচাপে ব্যৱহাৰ কৰা ইণ্ডিয়া নামটো পৰিৱৰ্তন কৰি ভাৰত ৰাখিব লাগে। ইনষ্টাগ্ৰামত এই প্ৰসংগ উত্থাপনৰ পাছতেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অভিনেত্ৰীগৰাকী। একাংশই সমালোচনা কৰি কয় যে ইণ্ডিয়া দাসত্বৰ চিন হিচাপে প্ৰদান কৰা নাম, সেইবাবে সলনি কৰিব লাগে। কিন্তু ক’ব যে ব্ৰিটিছৰ অহাৰ পূৰ্বে ভাৰত বা ইণ্ডিয়া নাছিলেই? উল্লেখ্যে, অভিনেত্ৰীগৰাকী শেহতীয়াভাৱে ব্যস্ত আছে ‘থলাইভি’ নামৰ এখন ছবিৰ শ্বুটিঙত। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন। উদ্দেশ্য প্ৰণোদিতভাৱে বিতৰ্কত সোমাই পৰা বলীউডৰ অন্যতম অভিনেত্ৰীগৰাকীৰ টুইটাৰ নিষিদ্ধ কৰাৰ পাছতেই ইনষ্টাগ্ৰামত ট্ৰ’লৰ সন্মুখীন হৈছে কংগনা।

Leave A Reply