‘মানুহে মানুহৰ বাবে’ শীর্ষক গীতটো কেৱল এটি গীত নাছিল, ই আছিল মানুহৰ প্ৰতি মানুহৰ দায়বদ্ধতাৰ এক সার্বজনীন প্রতীক। অসমীয়া ভাষাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই যি মানৱীয় প্ৰমূল্যবোধৰ গীত পৰিৱেশনা কৰিছিল বংগৰ সাংস্কৃতিক পৰিসৰতো সেই গানেই লাভ কৰিছিল এক নতুন উদ্যম। তেওঁৰ কণ্ঠত বাংলা গান হৈ উঠিছিল একে সময়তে আধুনিক আৰু গভীৰভাৱে মানৱতাবাদৰ নিদৰ্শন স্বরূপ।’ অসম সাহিত্য সভাৰ উদ্যোগত কলকাতা শাখা সাহিত্য সভাৰ সহযোগত কলকাতাৰ অসম ভৱনত যোৱা ২২ আগষ্টত অনুষ্ঠিত ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কলকাতা নিবাসী, সাহিত্য অকাদেমি বঁটা বিজয়ী সাহিত্যিক ছৈয়দ হাসমত জালালে এইদৰে কয়। ভাষণ প্রসংগত তেখেতে কয়-‘বাংলাৰ শ্ৰোতাই ভূপেনদাৰ গানক নিজৰ গান হিচাপে গ্রহণ কৰিছিল। ফলত অসমৰ এগৰাকী শিল্পীয়ে বাংলা ভাষাৰ সাংস্কৃতিক পৰিসৰত এনেদৰে প্ৰৱেশ কৰিছিল যে তেওঁক আৰু অসমৰ শিল্পী বুলি পৃথককৈ কোৱাৰ প্রয়োজন নাথাকিল। তেওঁ হৈ উঠিল বাংলাৰো আপোন শিল্পী। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত ‘অসম-বংগৰ সাংস্কৃতিক সেতুবন্ধনত ড° ভূপেন হাজৰিকাৰ অৱদান’ শীর্ষক এক গাম্ভীর্যপূর্ণ আলোচনা সত্ৰ উদ্বোধন কৰে কলকাতাস্থিত অসম ভৱনৰ আবাসিক আয়ুক্ত ৰণবীৰ কুমাৰ দামে। আলোচনা সত্ৰখনত আলোচক হিচাপে বিশিষ্ট সংগীত শিল্পী কমল কটকী, বিশিষ্ট গৱেষক ড° দেৱজিৎ ভূঞা, ড° ভূপেন হাজৰিকা আন্তর্জাতিক ফাউণ্ডেশ্যনৰ সচিব ৰঞ্জন কুমাৰ দত্ত আৰু বিশিষ্ট নাট্যকাৰ ধ্রুবজ্যোতি শর্মাই অংশ গ্রহণ কৰি ব্যক্তব্য আগ বঢ়ায়।
সভাপতিৰ ভাষণত ড° বসন্ত কুমাৰ গোস্বামীয়ে কয়-অসম সাহিত্য সভাৰ উদ্যোগত আৰু কলকাতা শাখা সাহিত্য সভাৰ সহযোগত পশ্চিমবংগৰ কলকাতাস্থিত অসম ভৱনত বর্ণাঢ্য কার্যসূচীৰে বিশ্বৰত্ন, ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত স্মৰণ কৰিবলৈ পোৱাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা। মৃত্যুৰ পাছত ড° হাজৰিকাৰ প্ৰিয় চহৰ কলকাতাত উলহ মালহেৰে জন্ম শতবর্ষীয় কার্যক্রম উদ্যাপন কৰাটো জাতিৰ বাবে আশাৰ বতৰা হিচাপে পৰিগণিত হ’ব।’ অনুষ্ঠানত অসম আৰু পশ্চিমবংগৰ মাজত সাংস্কৃতিক সম্পর্ক সুদৃঢ় কৰাত ড° ভূপেন হাজৰিকাৰ অনবদ্য অৱদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। পুৱা ছল্ট লেকস্থিত অসম ভৱনৰ প্ৰাংগণত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে আৰু অনুষ্ঠানৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ কলকাতা শাখাৰ সভাপতি জীৱন ৰয়ে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তিপ্রজ্জ্বলন কৰাৰ পাছত মূলসভাৰ বিষয়ববীয়া আৰু কলকাতা শাখা সাহিত্য সভাৰ সদস্যসকলে সম্মিলিত কণ্ঠেৰে সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ পৰিৱেশন কৰে। আলোচনা সত্ৰৰ পাছতে ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে এক শ্রদ্ধার্ঘ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
আকাশবাণী দিল্লীৰ প্রাক্তন বাতৰি পৰিৱেশক নেকিব আহমেদে উদ্বোধন কৰা এই অনুষ্ঠানত কমল কটকী, কাশ্মিৰী কটকী মল্লিক, সৌৰভ সাহা, পৰিমল দাস, ৰঞ্জন কুমাৰ দত্ত, স্বৰগম গোস্বামীয়ে গীত পৰিৱেশন কৰাৰ উপৰি নৃত্যশিল্পী অঞ্চিতা বৰুৱা, প্রবিশা দাস, বিদিশা সাইয়ে নৃত্য পৰিৱেশন কৰে। অসম আৰু পশ্চিমবংগৰ কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰে অনুষ্ঠানটি জীপাল কৰি তোলে। অসম সাহিত্য সভাৰ সভাপতি ড’ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্রধানসম্পাদক দেৱজিৎ বৰাই এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ তৰফৰ পৰা বিশিষ্ট সংগীত শিল্পী ডলী ঘোষ, মণিপুৰী নৃত্য বিশেষজ্ঞ, সঙ্গীত নাটক অকাডেমী বঁটা বিজয়ী মীনাক্ষী চলিহা বসু, পত্ৰ ভাৰতীৰ পৃষ্ঠপোষক আৰু কিশোৰ ভাৰতীৰ সম্পাদক, সাহিত্য অকাডমি সন্মানেৰে বিভূষিত ত্রিদিব চেটার্জী আৰু এ এছ এল ক্লাবৰ অধ্যক্ষা শিক্ষাব্রতী ৰেখা চলিহা বসুক ড° ভূপেন হাজৰিকা জন্ম শতবর্ষ স্মাৰক সন্মান প্রদান কৰে। অনুষ্ঠানৰ আন এক উল্লেখযোগ্য কাৰ্যসূচী হিচাপে ৰঞ্জন কুমাৰ দত্তই সম্পাদনা কৰা ভূপেন্দ্ৰ সংগীতৰ অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ একত্র সংকলন আৰু ‘Song of Confluence’ নামৰ কমল কটকী আৰু ড° দেৱজিৎ নাথে সম্পাদনা কৰা ড° ভূপেন হাজৰিকাৰ গীতৰ ইংৰাজী অনুবাদ সংকলন দুখন উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ কলকাতা শাখাৰ সম্পাদক মনীষা শৰ্মা বৰঠাকুৰে অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে সকলো বিষয়ববীয়া, শিল্পী, সাহিত্যিক, অতিথি আৰু সাহিত্যপ্রেমী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত ড’ জ্যোতিৰেখা হাজৰিকা, ড° সঞ্জীৱ কুমাৰ শৰ্মা, অখিল কলিতা, ড° ৰাজীৱ দে’কে ধৰি বহুকেইজন ব্যক্তিয়ে অংশগ্রহণ কৰে।

