অৰুণাচল প্ৰদেশত ১০৮ এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

অৰুণাচল প্ৰদেশত আৰম্ভ হ’ল ১০৮ এম্বুলেন্সৰ জৰুৰীকালীন সেৱা । মঙলবাৰে এম্বুলেন্স সেৱা মুকলি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।উল্লেখযোগ্য যেএতিয়াৰে বাবে জৰুৰীকালীন সময়ত এম্বুলেন্স নথকাৰ বাবে হাৰাশাস্তি ভুগিব নালাগে অৰুণাচল প্ৰদেশৰ ৰাইজে । মঙলবাৰৰ পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হ’ল জৰুৰীকালীন ১০৮ এম্বুলেন্স সেৱা । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এম্বুলেন্স সেৱা মুকলি কৰে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী খাণ্ডুয়ে এম্বুলেন্স সেৱাৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাৰ বিষয়ে বৰ্ণনা কৰে  ।তেওঁ মকড্ৰিলৰ জৰিয়তে এম্বুলেন্স সেৱাৰ সুবিধাৰ বিষয়ে বুজাবলৈ প্ৰয়াস কৰে । নিজেই ফোন কৰি ১০৮ এম্বুলেন্স সেৱাৰ পৰা সহায় বিচাৰে আৰু দুৰ্ঘটনাত পতিত লোকক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত এম্বুলেন্সৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলকো বুজাবলৈ চেষ্টা কৰে । ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ পৰ্যাপ্ত এম্বুলেন্স নাছিল ৰাজ্যখনত । সেয়ে, হায়দৰাবাদৰ জি ভি কে(EMRI) নামৰ প্ৰতিষ্ঠানটোৰ লগত পাঁচ বছৰৰ বাবে এক চুক্তি স্বাক্ষৰ কৰি এই ১০৮ সেৱাৰ দায়িত্ব দিছে ।১০৮ এম্বুলেন্স সেৱাৰ অধীনত মুঠ ৫৪ খন এম্বুলেঞ্চ ৰাজ্যখনৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰে । এই অনুষ্ঠানত উপ-মুখ্যমন্ত্ৰী চাওনা মেন, স্বাস্থ্য মন্ত্ৰী আলো লিবাং উপস্থিত থাকে । উল্লেখ্য যে, পূৰ্বে ৰাজ্যখনৰ চিকিৎসালয়ত এম্বুলেন্স সেৱা আছিল যদিও ১০৮ এম্বুলেন্স সেৱা উপলব্ধ নাছিল ।

এম্বুলেন্স চলোৱাৰ বাবে ইতিমধ্য ১৩৩ জন প্ৰশিক্ষিত চালকক নিযুক্তি দিয়া হৈছে । স্বাস্থ্যকৰ্মী আৰু প্ৰাথমিক চিকিৎসা সহায়ক সঁজুলি থাকিব প্ৰতিখন এম্বুলেন্সতে । কেৱল ১০৮ নম্বৰ ডায়েল কৰি এম্বুলেন্সৰ বিচাৰিব পাৰিব । যিকোনো স্থানৰ পৰা জৰুৰীকালীন সময়ত সহায় বিচাৰিব পাৰিব ।

Related Articles