মাদাৰ অল্ড এজ হ’ম – ৰাজ্যখনৰ এটা পৰিচিত বৃদ্ধাবাস। ৯ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল Mother old age homeনামৰ এই বৃদ্ধাশ্ৰমখন। নিজৰ আপোন ঘৰখনৰ পৰা এলাগী হৈ এই বৃদ্ধাবাস খনকেই নিজৰ ঘৰ বুলি মানি জীৱনৰ অন্তিম দিন কেইটা পাৰ কৰি আহিছিল বৃদ্ধাসকলে। যদিও আজি সেই দূৰ্ভগীয়া বৃদ্ধা সকলৰ বাবে এইঘৰখনো এলাগী হৈ পৰিল। বৃদ্ধাবাসখনৰ সভাপতি আৰু সম্পাদকৰ গৃহ কন্দলৰ বলি হ’বলগীয়া হৈছে এই আইতাসকল। মণিকা শৰ্মা আৰু উৎপল হর্ষবর্ধনৰ প্ৰচেষ্টাত ৯ বছৰ পূৰ্বে গঢ় লৈ উঠিছিল এই বৃদ্ধাশ্ৰম খন। ব্যক্তিগত কথাৰ বাবেই হওক, ৯ বছৰ পূৰ্বে জন্ম দিয়া ‘মাদাৰ অ’ল্ড এজ হ’ম’ৰ সেই মহান উদ্দেশ্যৰ কথা ক’ৰবাতে এৰিলে মণিকা-উৎপলে। বৃদ্ধাবাসখনত থকা বৃদ্ধা সকলৰ দুখ-কষ্টৰ কথা পাহৰি দুয়োৱে ব্যক্তিগত স্বাৰ্থকহে বেছিকৈ প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে। বিগত ৬ মাহ ধৰি ঘৰুৱা কন্দলৰ বলি হোৱা বৃদ্ধাসকলে মানসিক অশান্তিত ভূগি বৃদ্ধাশ্ৰমখন এৰিবলৈও সাজু হৈছে। চকুলো ভৰা নয়নেৰে পূৰ্বৰ সকলোবোৰ দুখ পাহৰি আকৌ এবাৰ নিজৰ বুলি মানি লোৱা এই ঘৰখন এৰিব লগীয়া হোৱাত ভাগি পৰিছে আইতা সকল। যদিও সুখ বিচাৰি এই ঘৰখনো এৰিবলৈ সাজু হৈছে আইতাসকল। ইয়াৰ পিছতেই মনালিছা চ’ছাইটিৰ অন্তৰ্গত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল ট্ৰাষ্টলৈ লৈ যোৱা হৈছে বৃদ্ধা সকলক। Mother old age home এৰি অহা বৃদ্ধা সকলৰ এতিয়া পৰৱৰ্তী ঠিকনা হ’ব বেলতলা ছাৰ্ভেস্থিত অজন্তা পথৰ প্ৰমোদ তালুকদাৰ memorial trust। ইয়াৰ প্ৰকৃত বিচাৰ কি হব পৰৱৰ্তী পৰ্য্যায়ত উল্লেখনীয় হব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…