নিঃশেষ হ’ব নেকি নেপাল? নেপালত পুনৰ হ’ব জলপ্ৰলয়। আকৌ নেপাল-তিব্বত সীমান্তত ভাগিল কৃত্ৰিম হ্ৰদ। ভাগি পৰিল তিব্বতত থকা বিশাল হ্ৰদৰ বান্ধ। যিকোনো মুহূৰ্তত নেপালৰ পুনৰ জলপ্ৰলয়ৰ আশংকা। নেপালৰ জনতাক সুৰক্ষিত স্থানলৈ যোৱাৰ জৰুৰী নিৰ্দেশনা।নেপালক চীনে বান্ধি দিলে মাত্ৰ ৭২ ঘন্টাৰ সময়। পুনৰ জলপ্ৰলয়ে নেপাল তচনচ কৰাৰ আগজাননী। কৃত্ৰিম হ্ৰদ ভঙাৰ তথ্য নিশ্চিত কৰিছে চীনে। সীমান্তৱৰ্তী লোকক নিৰাপদ স্থানলৈ যানলৈ নিৰ্দেশ।
যিকোনো মুহূৰ্তত নেপালৰ পুনৰ জলপ্ৰলয়ৰ আশংকা। সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী। কালি দিনটোত নেপালক সকীয়াই দিছিল চীনে। চীন-নেপাল সীমান্তৰ বিধ্বংসী বানপানীৰ মাজতে ছ’চেন খোলা-পুৰেপু ছাংপো সংগমস্থলীৰ ওচৰৰ এটা হ্ৰদ ভঙাৰ আশংকাৰ বাবে তিনিদিনৰ ভিতৰতে নেপালক সম্ভাৱ্য বানপানীৰ ভাবুকিৰ বিষয়ে সকীয়াই দিছিল চীনে।
চীন-নেপাল সীমান্ত অঞ্চলত হোৱা ক্ষন্তেকীয়া বিধ্বংসী বানত শ শ লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হোৱাৰ পিছতে এই সতৰ্কবাণী দিয়া হৈছে।
চীনৰ জলসম্পদ মন্ত্ৰালয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱালৈকে হ্ৰদটোত প্ৰায় ২০ লাখ ঘনমিটাৰ পানী জমা হৈছে আৰু ইতিমধ্যে উফন্দি উঠিছে। ৰাজ্যিক সম্প্ৰচাৰক চিচিটিভিয়ে প্ৰকাশ কৰা অনুসৰি অহা তিনিদিনত অতিৰিক্ত ৩০ লাখ ঘনমিটাৰ পানী হ্ৰদটোলৈ বৈ যাব পাৰে, যাৰ ফলত হ্ৰদটো ভংগ হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব।
চীনৰ সেই সতৰ্কবাণীয়ে যেন সঁচা হ’ল। ভাগি গ’ল নেপাল-তিব্বত সীমান্তৰ সেই কৃত্ৰিম হ্ৰদ। হ্ৰদ ভগাৰ পিছতে এতিয়া নেপালত পুনৰ জলপ্ৰলয়ৰ আশংকা কৰা হৈছে।

