৬০০জনলৈ বৃদ্ধি নেপালৰ প্ৰলয়ত মৃতকৰ সংখ্যাঃ প্ৰায় ২ হাজাৰ লোকৰ এতিয়াও নাই সন্ধান

নেপালত পুনৰ বৃদ্ধি মৃতকৰ সংখ্যা।

জলপ্ৰলয়ত প্ৰাণ হেৰুৱালে ৬০০জন লোকে।

প্ৰায় ২ হাজাৰ লোকৰ এতিয়াও নাই সন্ধান।

আনহাতে নেপালৰ জলপ্ৰলয়ত সন্ধানহীন অসমৰ ১০ জন।

প্ৰতিকূল বতৰৰ বাবে নেপালত স্তব্ধ হৈ পৰিছে উদ্ধাৰ অভিযান।

ধাৰাসাৰ বৰষুণৰ বাবে উৰিব পৰা নাই হেলিকপ্টাৰ।

সাময়িকভাৱে বন্ধ ৰখা হৈছে নেপালৰ উদ্ধাৰ অভিযান।

ভয়াৱহভাৱে বৃদ্ধি পাইছে ত্ৰিশূলী নৈৰ জলস্তৰ।

নৈপৰীয়া ৰাইজক সুৰক্ষিত স্থানলৈ কৰা হৈছে স্থানান্তৰ।

নেপালৰ বানত সন্ধানহীন হৈ থকা অসমৰ ১০গৰাকী লোক হৈছে-
কাৰ্বি আংলং জিলাৰ ঋতুপর্ণ ব্ৰহ্ম, মন্ত্ৰী বসুমতাৰী, সোণেশ্বৰ নাৰ্জাৰী। গোলাঘাটৰ ৰাহুল দৈমাৰী, হোজাইৰ শতদল নাথ, কামৰূপ মহানগৰৰ পংকজ নেওগ, ড০ দিপালী সৰকাৰ, মানস কুমাৰ ঘোষ, অৰুণ মহন্ত, নলৰাৰী জিলাৰ ড০ তীৰ্থ চলিহা। ASDMA প্রকাশ কৰিলে এই তালিকা।

Related Articles