অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ

নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আজি চকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্রহণ কৰে । উল্লেখ্য যে আগন্তক নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত দেৱাশিস শৰ্মা বিজেপি দলৰ প্ৰাৰ্থী হব পাৰে বুলি চৰ্চা চলি থকাৰ মাজতে জিলা আয়ুক্ত শৰ্মাই চাকৰিৰ পৰা স্বেচ্ছামণলক অৱসৰৰ বিচাৰি উৰ্ধতম কৰ্তৃপক্ষলৈ আবেদন পত্ৰ প্ৰেৰণ কৰে।

আনহাতে জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছাই অৱসৰৰ বিষয়টোত আজি চৰকাৰে অনুমোদন জনায়। ইয়াৰ পাচতে আজি সন্ধিয়া নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰীয়াক দেৱাশিস শৰ্মাই জিলা আয়ুক্তৰ কাৰ্যভাৰ অৰ্পণ কৰে।ইয়াৰ লগে লগে জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ ৰাজনীতিত প্ৰবেশৰ পথ প্ৰশস্ত হৈ পৰে। দুই এদিনতে দেৱাশিস শৰ্মাই বিজেপি দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে । অৱশ্যে তেওঁ এই কথা স্পষ্ট ভাৱে জনোৱা নাই যদিও ৰাজনীতিত যোগদানৰ বিষয়টো নুই কৰা নাই।


উল্লেখ্য যে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মা আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হব পাৰে সংবাদ মাধ্যমত চৰ্চিত হৈ আহিছে । ইপিনে জিলা আয়ুক্ত দেৱাশিস শৰ্মাই বিজেপি দলৰ হৈ কাম কৰা বুলি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰিছে । আনকি জিলা আয়ুক্ত দেৱাশিস শৰ্মাক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে বুলিও সাংসদ ৰকিবুল হুছেইনে দাবী জনায় । এনে পৰিস্থিতিত আজি অসম চৰকাৰে জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছাই অৱসৰৰ বিষয়টোত অনুমোদন জনোৱাত তেওঁ বিজেপি প্ৰাৰ্থী হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে ।

Related Articles