এখন লেতেৰা নদী আৰু এজন যুৱকৰ কাহিনীঃ যি কাম চৰকাৰৰ দৃষ্টি নপৰিল সেই কাম কৰিলে এজন যুৱকে

যি কাম চৰকাৰৰ, সেই কাম কৰিলে এজন ছাত্ৰই। প্ৰথম অৱস্থাত মানুহে তেওঁক পাগল আখ্যা দিছিল। কিন্তু থমকি নৰ’ল ছাত্ৰজন। আৱৰ্জনাৰে ভৰি পৰা এখন নদীক পৰিষ্কাৰ কৰিলে এজন ছাত্ৰই। এই খবৰ নিশ্চয় আপুনি সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰিছে। মধ্যপ্ৰদেশৰ এজন ২০ বছৰীয়া যুৱক,যাৰ নাম সুৰেন্দ্ৰ সিং চৌধুৰী। তেওঁক সকলোৱে চিনি পাই “বিট্টু তাবাহী” নামেৰে। এখন মৃত নদীক প্ৰাণ দিলে বিট্টুয়ে। এতিয়া নেডাৰলেণ্ডৰ পৰা চাকৰিৰ অফাৰ আহিছে বিট্টুলৈ।

এখন নদী আৱৰ্জনা, প্লাষ্টিক, বটল আৰু লেতেৰা পদাৰ্থৰে ভৰি আছিল, সেই অজনাৰ নদীখন পৰিষ্কাৰ কৰাৰ দায়িত্ব কোনোবাই ল’ব বুলি অপেক্ষা নকৰি, বিট্টুৱে নিজেই নদীত নামি কাম আৰম্ভ কৰিছিল। বহু মানুহে তেওঁক পাগল বুলি কৈছিল। বহুতে তেওঁৰ কামক লৈ হাঁহিছিল, সমালোচনা কৰিছিল। বহুতে কৈছিল যে কেৱল সামাজিক মাধ্যমত ভিউজৰ বাবে তেওঁ এই কাম কৰিছে। কিন্তু তেওঁ কাৰো কথালৈ কেৰেপ নকৰি নিজৰ কাম কৰি গ’ল। আহাতে বিট্টুৱে সাঁতুৰিবও ভালদৰে নাজানিছিল তথাপিও হাৰ মনা নাছিল বিট্টুৱে। তথাপিও নদীৰ মাজলৈ গৈ হাতেৰে প্লাষ্টিক, বটল, শেলাই আৰু বিভিন্ন ধৰণৰ আৱৰ্জনা উলিয়াই নদীখন পৰিষ্কাৰ কৰি গ’ল। প্ৰথমতে বিট্টুৰ এই চাফাই অভিযানত তেওঁৰ বন্ধুৱে সহায় কৰিছিল যদিও তেওঁলোক পিছলৈ আঁতৰি গ’ল।

নদী চাফা কৰা এই অভিযানত বিট্টুৱে কোনো ডাঙৰ সংস্থাৰ সহায় লোৱা নাছিল। নিজৰ সামৰ্থ্য অনুসৰি কাম কৰি গৈছিল। কেইবামাহো ধৰি কৰা তেওঁৰ এই পৰিশ্ৰমে আজি অজনাৰ নদীৰ ৰূপ সলনি কৰিছে। মধ্যপ্ৰদেশৰ ব্যাৱৰাত ২০ বছৰীয়া সুৰেন্দ্ৰ সিং চৌধুৰী ওৰফে বিট্টুৰ অনন্য প্ৰয়াসক মুখে মুখে প্ৰশংসা কৰিছে। অজনাৰ নদীৰ দুৰৱস্থা দেখি চলিত বৰ্ষৰ ২৬ জানুৱাৰী পৰা নদীৰ পৰা প্লাষ্টিক আৰু বিভিন্ন আৱৰ্জনা আঁতৰাবলৈ আৰম্ভ কৰিছিল বিট্টুয়ে। নদী পৰিষ্কাৰ অভিযানত তেওঁ নিজৰ পৰা খৰচ কৰে প্ৰায় ৩০ হাজাৰ টকা। বিট্টুৰ এই প্ৰচেষ্টাক সমাজিক মাধ্যমত শলাগ লৈছে বহুগৰাকীয়ে ডাঙৰ ব্যক্তিয়ে।

আনহাতে নেডাৰলেণ্ডৰ এক ডাঙৰ পৰিৱেশ সংস্থাৰ পৰাও বিট্টুলৈ আহিছে চাকৰিৰ অফাৰ। এয়া কেৱল নদী পৰিষ্কাৰৰ কাহিনী নহয়, এয়া হৈছে এজন সাধাৰণ যুৱকৰ অসাধাৰণ কাৰ্য। আনকি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও বিট্টুক মাতি নি সন্মান জনায়।

Related Articles