এগৰাকী শিক্ষয়িত্ৰী, সাংবাদিকৰ পৰা ‘মিছ ৱৰ্ল্ডলৈ’, ডমিনিকান ৰিপাব্লিকৰ জ’হেইৰী মোলাৰ শিৰত মিছ ৱৰ্ল্ড ২০২৬ৰ মুকুট

সাংবাদিকৰ পৰা ‘মিছ ৱৰ্ল্ডলৈ’। জ’হেইৰী মোলাই পিন্ধিলে ২০২৬ৰ বিশ্বসুন্দৰীৰ মুকুট। ডমিনিকান ৰিপাব্লিকৰ জ’হেইৰী মোলা ডমিংগুৱেজৰ শিৰত জিলিকিল মিছ ৱৰ্ল্ড ২০২৬ৰ মুকুট। ভিয়েটনামত অনুষ্ঠিত হোৱা ৭৩ সংখ্যাত বিশ্ব সুন্দৰী প্ৰতিযোগিতাত ডমিনিকান ৰিপাব্লিকৰ সুন্দৰীগৰাকীক এই মুকুট পিন্ধোৱা হয়।

ভিয়েটনামত মিছ ৱৰ্ল্ড ২০২৬ৰ সামৰণি পৰিল, ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী মোলা বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে। বর্তমানৰ মিছ ৱৰ্ল্ড অপেল থাইলেণ্ডৰ সুচাটা চুৱাংশ্ৰীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে মুকুট পিন্ধায়।স্পেইনৰ এলিজাবেথ ৰেইনছক প্ৰথম ৰানাৰ্ছ আপ হিচাপে নিৰ্বাচিত কৰাৰ বিপৰীতে মালয়েছিয়াৰ টানুছিয়া চেট্টিয়ে দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে স্থান লাভ কৰে।

শীৰ্ষ ৬ গৰাকী চূড়ান্ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে মিছ ৱৰ্ল্ড ইৰিত্ৰিয়াৰ স্নিট হাবটেব (পিপলছ চয়ছ), মিছ ৱৰ্ল্ড স্পেইনৰ এলিজাবেথ ৰেইনছ (ইউৰোপ), মিছ ৱৰ্ল্ড মালয়েছিয়াৰ টানুছিয়া চেটি (বিউটি উইথ এ পাৰ্পজ), মিছ ৱৰ্ল্ড ভিয়েটনামৰ লে নুয়েন বাও এনগোক (এছিয়া এণ্ড অ’চেনিয়া), মিছ ৱৰ্ল্ড ডমিনিকান ৰিপাব্লিকৰ কেৰিবিয়ান জোহেইৰী মোলা (আমেৰিকা আৰু মিছ ৱৰ্ল্ড অ’চেনিয়া)। ৰোমাণ্ডা হোম্বিৰ (আফ্ৰিকা)।

১৯৮২ চনত মাৰিয়াচেলা আলভাৰেজৰ জয়ৰ ৪৪ বছৰৰ পাছত ডমিনিকান ৰিপাব্লিকৰ পৰা মিছ ৱৰ্ল্ডৰ মুকুট দখল কৰা তেওঁৰ ঐতিহাসিক জয়ৰ বাবে তেওঁ একমাত্ৰ দ্বিতীয়গৰাকী মহিলা। তেওঁ এগৰাকী শিক্ষয়িত্ৰী, সাংবাদিক হিচাপে কেৰিয়া আৰম্ভ কৰিছিল।

আনহাতে ভাৰতৰ নিকিতা পাৰৱালে শীৰ্ষ ২০ত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল। অৱশ্যে শীৰ্ষ ৪০লৈ আগবাঢ়ি নিকিতাই মিছ ৱৰ্ল্ডৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰে।

Related Articles