আৰোহণ আৰ্টিষ্ট গীল্ডৰ উদ্যোগত ৰাষ্ট্ৰীয় সাংস্কৃতিক সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

দাদাচাহেব ফাল্কে বঁটা বিজয়ী তথা বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ পবিত্ৰ সোঁৱৰণত আৰু তেখেতৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ‘আৰোহণ আৰ্টিষ্ট গীল্ড’ৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটোত আৰোহণ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ লগতে জাতীয় সাংস্কৃতিক সমাৰোহ – ২০২৬ সফলতাৰে সম্পন্ন কৰা হয়।আজি মঙ্গলবাৰে (২১ ভাদ ১৪৩৩ ভাস্কৰাব্দ) আৰোহণ আৰ্টিষ্ট গীল্ডৰ সভাপতি দিলীপ নাথে আঁতধৰা কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ‘জনকল্যাণ বাৰ্তা’ কাকতৰ স্বত্বাধিকাৰী সম্পাদক কুমুদ নাথ আৰু বিশিষ্ট সমাজসেৱক ড০ মৌচমী বৰঠাকুৰে।

গীত-নৃত্যৰ মনপৰষা কাৰ্যসূচীৰ মাজেৰে আগবঢ়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিল্পী তথা চিকিৎসক ড০ অঞ্জন জ্যোতি চৌধুৰী, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঁই, বিশিষ্ট শিল্পী দীপক ৰয়, বিশিষ্ট সমাজকৰ্মী ক্ষীৰোদ মেধি, ‘জনকল্যাণ বাৰ্তা’ কাকতৰ সম্পাদক কুমুদ নাথ,আমিন গাওঁ মধ্যম নাট্য গোষ্ঠীৰ সাধাৰণ সম্পাদক চন্দন জ্যোতি দাস,কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন,বিশিষ্ট অতিথি পুনিৰাম শইকীয়া আদি উপস্থিত থাকে।আনহাতে,মঞ্চত উপস্থিত থকা সকলো অতিথিক ফুলাম গামোচাৰে আৰোহণ গোষ্ঠী তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যখনৰ প্ৰায় ২৫-৩০ গৰাকী বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে আৰোহণ বঁটা প্ৰদান কৰা হয়।

বঁটা প্ৰাপকসকলৰ ভিতৰত আনিন গাঁও মধ্য শৰাইঘাট নাট্য গোষ্ঠীৰ সভাপতি শংকৰ কুমাৰ দাসক ‘সমাজ সেৱা বঁটা’, গুৱাহাটী জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ জ্যোতি বৈশ্য, নগাঁও কঠিয়াতলীৰ অমৃত খাখলাৰী আৰু নয়ন জ্যোতি বৰাক ‘গ্ৰাম্য সাংবাদিক বঁটা’,সমাজসেৱক গণকান্ত মহেলাক আৰোহণ সমাজ সংস্কৃতি বঁটা আদি প্ৰদান কৰা হয়। ইয়াৰ উপৰি হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেবেন্দ্ৰ শৰ্মাক ‘শৈক্ষিক সমন্বয় বঁটা’, ধাৰাপুৰৰ শিক্ষক ধীৰাজ চৌধুৰীকো শৈক্ষিক সমন্বয় বঁটা’,বজালী সত্ৰৰ মথুৰা মোহন তালুকদাৰক সত্ৰ সমন্বয় বঁটা’, আৰু বিশিষ্ট শিক্ষক বিক্ৰম কুমাৰ চন্দক ‘আৰোহণ সমাজ সংস্কৃতি বঁটা’ ৰে সন্মানিত কৰা হয়।ভাষণ প্ৰসংগত অতিথি তথা উদ্যোক্তাসকলে সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি আৰু আদৰ্শক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ সংকল্প দোহাৰে। জাতীয় সাংস্কৃতিক সমাৰোহৰ বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীয়ে সমগ্ৰ প্ৰেক্ষাগৃহ উৎসৱমুখৰ কৰি তোলে। এই অনুষ্ঠানত অঞ্চলটোৰ বৃহৎ সংখ্যক কলা-সংস্কৃতিপ্ৰেমী ৰাইজ উপস্থিত থাকি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।

Related Articles