CEM তুলিৰাম ৰংহাঙৰ পিতৃ জয়ছিং ৰংহাঙৰ দেহাৱসান

CEM তুলিৰাম ৰংহাঙৰ পিতৃ জয়ছিং ৰংহাঙৰ দেহাৱসান

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাঙৰ পিতৃ, বিশিষ্ট সমাজকৰ্মী আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জয়ছিং ৰংহাঙৰ পৰলোকপ্ৰাপ্তি ঘটিছে। পুৱতি নিশা পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামৰ আৰ্টুকেকাংস্থিত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত ৯০ বছৰৰো অধিক বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰয়াত জয়ছিং ৰংহাং অঞ্চলটোত এগৰাকী সু-শিক্ষক, সমাজহিতৈষী আৰু আদৰ্শ ব্যক্তিত্ব হিচাপে পৰিচিত আছিল। ডংকামোকামস্থিত ৰাম ৰংপী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে তেওঁ সুদীৰ্ঘ সময় শৈক্ষিক ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াইছিল। তেওঁৰ জ্ঞান, মাৰ্গদৰ্শন আৰু শিক্ষাৰে বহু ছাত্ৰ-ছাত্ৰীক জীৱনত প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছিল।

মৃত্যুৰ সময়ত প্ৰয়াত জয়ছিং ৰংহাঙে CEM তুলিৰাম ৰংহাংসহ পাঁচগৰাকী পুত্ৰ, তিনিগৰাকী জীয়ৰী, বোৱাৰী-জোঁৱাই, নাতি-নাতিনী আৰু বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।

তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ কাৰ্বি পাহাৰৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাত গভীৰ শোকৰ ছাঁ পেলাইছে। এগৰাকী শ্ৰদ্ধেয় শিক্ষাগুৰু, সমাজকৰ্মী তথা আদৰ্শ পিতৃ হিচাপে পৰিচিত জয়ছিং ৰংহাঙৰ বিয়োগত অঞ্চলবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

ইতিমধ্যে অঞ্চলটোৰ বহু গুণমুগ্ধ, সামাজিক সংগঠনৰ প্ৰতিনিধি আৰু বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে ডংকামোকামস্থিত প্ৰয়াত ৰংহাঙৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

Related Articles