সোণাপুৰৰ স্প্ৰিং ভেলী মেফেয়াৰ ৰিজৰ্টত ‘মেক ৰোডমাষ্টাৰ্ছ’ শীৰ্ষক বাইক ৰেলী
সোণাপুৰৰ স্প্ৰিং ভেলী মেফেয়াৰ ৰিজৰ্টত দেশৰ অগ্ৰণী তৈল প্ৰতিষ্ঠান ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ এক অন্যতম ব্ৰেণ্ড মেক লুব্ৰিকেন্টৰ উদ্যোগত আয়োজন কৰা হয় ‘মেক ৰোডমাষ্টাৰ্ছ’ শীৰ্ষক এক বাইক ৰেলী। উত্তৰ পুৰ্বাঞ্চলৰ মটৰ চাইকেল ৰাইডাৰ্ছ সকলক একত্ৰিত কৰি তেওঁলোকৰ ৰাইডিং, দুঃসাহসিক অভিযানৰ সময়ত ল’বলগীয়া সাৱধানতা তথা বিভিন্ন বাইৰ্কাছ ক্লাৱৰ মাজত সমন্বয় বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা এই বাইক ৰেলীত বিভিন্ন ক্লাৱৰ দুই শতাধিক ৰাইডাৰ্ছে অংশগ্ৰহণ কৰে।
বিপিচিএলৰ মাৰ্কেটিং বিভাগৰ সঞ্চালক শুভংকৰ সেন আৰু বিপিচিএল লিউবচৰ কাৰ্যবাহী সঞ্চালক কন্নন এচে ফ্লেগ অফ্ কৰা এই বাইক ৰেলীৰ নেতৃত্ব বহন কৰে আন্তঃৰাষ্ট্ৰীয় বাইক ৰাইডাৰ মিনাক্ষী দাস আৰু চ’ছিয়েল মেডিয়া ইনফ্লুয়েঞ্চাৰ জেনিফাৰ আজিজে। বাইক ৰেলীৰ পূৰ্বে উদ্যোক্তাৰ তৰফৰ পৰা বিভিন্ন বাইৰ্কাছ ক্লাৱক সম্বৰ্ধনা জনোৱাৰ লগতে বাইৰ্কাছ সকলক উৎসাহিত কৰিবলৈ সংগীত পৰিৱেশন কৰে জনপ্ৰিয় ৱেষ্টাৰ্ণ মিউজিক বেণ্ড ৰেট্ৰ ৰিৱাইণ্ডে। সোণাপুৰৰ স্প্ৰীং ভেলী মেফেয়াৰ ৰিজৰ্টৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলীৰ সামৰণি পৰে ক্ষেত্ৰীৰ প্ৰীতি ৰিজৰ্টত।

