দুলীয়াজান ৰোটাৰী ক্লাৱৰ উদ্যোগত সাতগৰাকী বিশিষ্ট শিক্ষকক ৰোটাৰী জ্ঞানজ্যোতি বঁটা-২০২৬ প্ৰদান

সমাজৰ প্ৰতি শিক্ষকৰ অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে দুলীয়াজান ৰটাৰী ক্লাৱে এক গাম্ভীৰ্যপূৰ্ণ শিক্ষক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত সাতগৰাকী বিশিষ্ট শিক্ষকক মানপত্ৰ আৰু স্মাৰক সহ “ৰটাৰী জ্ঞানজ্যোতি বঁটা – ২০২৬” প্ৰদান কৰা হয়। বঁটা প্ৰাপক সকল ক্ৰমে শিক্ষাকৰ্মী বন্তি শইকীয়া , ৰঞ্জিতা লিকছন, দুলীয়াজান নৱজ্যোতি এম.ই. স্কুল ,গীতাৰাণী দাস, কছাৰীপথাৰ এম.ই. স্কুল , প্ৰদ্যুম্ন বৰুৱা ,কছাৰীপথাৰ এম.ই. স্কুল , পম্পী খনিকৰ, পূৰ্বাঞ্চল কাৰিকৰী উচ্চ বিদ্যালয়, প্ৰশান্ত শইকীয়া, ছিচিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মদন নেওগ – ভাদৈ আদৰ্শ ইংৰাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়।


ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে ।
দুলীয়াজান ৰটাৰী ক্লাৱৰ সভাপতি ৰটাৰীয়ান বিমল বৰগোহাঁয়ে শিক্ষক আৰু অতিথি সকলক আদৰণি জনাই শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু বঁটা প্ৰাপক সকলক অভিনন্দন জনায়। তেখেতে ভাষণত কয়, “শিক্ষক সকল সমাজ আৰু জাতি গঢ়া খনিকৰ। শিশুসকল কেঁচা মাটিৰ দলিৰ দৰে, শৈশৱৰ পৰাই তেওঁলোকক অতি সহজে গঢ় দিব পাৰি। সেয়ে ছাত্ৰ-ছাত্ৰীয়ে যাতে সঠিক আৰু উপযুক্ত পথ অনুসৰণ কৰে তাৰ বাবে শিক্ষকৰ দায়িত্ব অপৰিসীম।” তেওঁ শিক্ষক সকলক ড° ৰাধাকৃষ্ণণৰ আদৰ্শ অনুসৰণ কৰি শৈক্ষিক শিক্ষাৰ লগতে মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দুলীয়াজান সাহিত্য সভাৰ সভাপতি আৰু বিশিষ্ট শিক্ষাবিদ ড° অজিত শইকীয়া।

তেখেতে শিক্ষক সকলে সন্মুখীন হোৱা দায়িত্ব, কৰ্তব্য আৰু প্ৰত্যাহ্বান সন্দৰ্ভত সাৰগৰ্ভ বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে ৰটাৰী শিক্ষক আৰু ইনৰ হুইলৰ শিক্ষক সকলকো সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) বিজয়ী ৰটাৰীয়ান যদুমণি দত্ত আৰু সদৌ অসম আৰু উত্তৰ-পূৰ্বাঞ্চল শ্বুটাৰ চেম্পিয়নশ্বিপৰ বঁটা বিজয়ী ৰটাৰীয়ান অনন্ত গগৈক বিশেষ সম্বৰ্ধনা জনোৱা হয়। ৫ ছেপ্টেম্বত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰটাৰী জিলা বঁটা প্ৰদান অনুষ্ঠানত উৎকৃষ্ট কৃতিত্বৰ বাবে ৰটাৰীয়ান ইন্দিৰা হাজৰিকাৰ নেতৃত্বাধীন দুলীয়াজান ৰটাৰী ক্লাৱৰ ২০২৫-২৬ বৰ্ষৰ দলটোকো সম্বৰ্ধনা জনোৱা হয়।

জ্যেষ্ঠ ৰটাৰীয়ান তথা প্ৰাক্তন সহকাৰী গৱৰ্ণৰ ৰটাৰীয়ান সুনীল বৰগোহাঁই, প্ৰাক্তন সম্পাদক ৰটাৰীয়ান ধ্ৰুৱজ্যোতি ভূঞা আৰু সম্পাদক ৰটাৰীয়ান (ড°) নৱনিত স্বৰ্গীয়াৰীকো তেওঁলোকৰ অৱদানৰ বাবে সন্মানিত কৰা হয়। আজিৰ অনুষ্ঠানত ক্লাৱৰ সম্পাদক ৰটাৰীয়ান মাধুৰ্য্য শৰ্মা, বহু জ্যেষ্ঠ ৰোটাৰিয়ান, ইনৰ হুইলৰ সদস্যা আৰু বিশিষ্ট অতিথি সকল উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানৰ আঁত ধৰে দুলীয়াজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা ৰটাৰীয়ান জ্যোতি সিং পাঠকে।

Related Articles