নলবাৰীত পেপচিকো ইণ্ডিয়াৰ পঞ্চমটো খাদ্য প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

নলবাৰীত পেপচিকো ইণ্ডিয়াৰ পঞ্চমটো খাদ্য প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

  • অসমত পেপচিকো ইণ্ডিয়াৰ প্ৰথমটো খাদ্য প্ৰকল্প; প্ৰতিষ্ঠানটোৰ ‘প্ৰগতিৰ অংশীদাৰিত্ব’ আৰু ‘ভাৰতৰ বাবে, ভাৰততেই নিৰ্মাণ’ৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত
  • ৰাজ্যৰ খাদ্য প্ৰক্ৰিয়াকৰণ, কৃষিভিত্তিক মূল্য শৃংখল আৰু অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৭৭৮ কোটি টকাৰ নতুন গ্ৰীণফিল্ড বিনিয়োগ
  • ৪৪.২ একৰ ভূমিত নিৰ্মিত এই প্ৰকল্পত ৭০০ প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ বাট; সমান্তৰালকৈ স্থানীয় ক্ষুদ্ৰ-মজলীয়া আৰু সহযোগী উদ্যোগৰ দ্ৰুত বিকাশ
  • অনাগত বছৰসমূহত আলুৰ বিপুল চাহিদা বৃদ্ধিৰে ৫,০০০ তকৈ অধিক স্থানীয় কৃষকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বিশেষ পদক্ষেপ

ৰাজ্যখনৰ কৃষিভিত্তিক অৰ্থনীতি আৰু উদ্যোগ খণ্ডলৈ এক নতুন আশাৰ সঞ্চাৰ কৰি ভাৰতত নিজৰ উৎপাদন যাত্ৰাৰ এক বিশেষ মাইলৰ খুঁটি স্থাপন কৰিলে খাদ্য আৰু পানীয় খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান পেপচিকো ইণ্ডিয়াই। নলবাৰীত প্ৰতিষ্ঠা কৰা নিজৰ অত্যাধুনিক খাদ্য প্ৰস্তুতকৰণ প্ৰকল্পটো আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰতিষ্ঠানটোৱে। উল্লেখ্য যে, ৭৭৮ কোটি টকাৰ বৃহৎ বিনিয়োগেৰে নিৰ্মিত এই প্ৰকল্পটোৱেই হৈছে অসমৰ বুকুত পেপচিকো ইণ্ডিয়াৰ প্ৰথম আৰু সমগ্ৰ দেশৰ ভিতৰতে পঞ্চমটো খাদ্য উৎপাদন প্ৰকল্প। এই পদক্ষেপে অসমৰ বিকাশৰ অপাৰ সম্ভাৱনাক লৈ পেপচিকো ইণ্ডিয়াৰ দীৰ্ঘম্যাদী আস্থাক প্ৰতিপন্ন কৰাৰ লগতে দেশৰ কৃষি ব্যৱস্থা, উৎপাদন আন্তঃগাঁথনি আৰু সামগ্ৰিক অৰ্থনৈতিক উন্নয়নক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ প্ৰমাণ কৰিছে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ঐতিহাসিক প্ৰকল্পটো উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত পেপচিকো ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জাগ্ৰুত কোটেচাৰ লগতে অসমৰ বিত্ত, পৰিৱেশ আৰু বন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱা, অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, হস্ততাঁত বিভাগৰ মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰী, ৪০ টিহু এলএচিৰ মাননীয় বিধায়ক শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু ৩৮ বৰক্ষেত্ৰী এলএচিৰ মাননীয় বিধায়ক শ্ৰী নাৰায়ণ ডেকাই মুখ্যমন্ত্ৰীৰ সৈতে মঞ্চ শুৱনি কৰে। এই ক্ষণত ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ উপৰিও উপস্থিত থাকে পেপচিকো ইণ্ডিয়াৰ শীৰ্ষ নেতৃত্ব, ঔদ্যোগিক অংশীদাৰ, স্থানীয় কৃষক আৰু নলবাৰী অঞ্চলৰ সচেতন ৰাইজ।

মন কৰিবলগীয়া যে, ভাৰতৰ সৈতে পেপচিকোৰ বাণিজ্যিক অংশীদাৰিত্ব অধিক সম্প্ৰসাৰণৰ দিশত নলবাৰীৰ এই নতুন খাদ্য প্ৰকল্পটো এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। প্ৰতিষ্ঠানটোৱে ২০৩০ চনৰ ভিতৰত গ্ৰহণ কৰা ৫,৭০০ কোটি টকাৰ সামগ্ৰিক বিনিয়োগ পৰিকল্পনাৰ অধীনতে গঢ় লৈ উঠিছে এই বৃহৎ উদ্যোগ। উল্লেখ্য যে, বিশ্বৰ অন্যতম প্ৰধান সম্ভাৱনাময় বজাৰ হিচাপে ভাৰতত উৎপাদন ক্ষমতা বৃদ্ধি, সামগ্ৰী যোগান ব্যৱস্থা শক্তিশালী কৰা আৰু বহনক্ষম বিকাশ আগুৱাই নিয়াত পেপচিকোৱে বিশেষ অগ্ৰাধিকাৰ দি আহিছে। প্ৰায় ৪৪.২ একৰ বিস্তৃত ভূমিত গঢ় লৈ উঠা এই প্ৰকল্পত উৎপাদন হ’ব ‘লেজ’ আৰু ‘আংকল চিপছ’ৰ দৰে জনপ্ৰিয় খাদ্য সামগ্ৰী। ইয়াৰ জৰিয়তে উত্তৰ-পূব ভাৰত আৰু পশ্চিমবংগজুৰি পেপচিকো ইণ্ডিয়াৰ খাদ্য উৎপাদন তথা বিতৰণ ব্যৱস্থা সম্প্ৰসাৰণৰ মূল ভেটিও অধিক সুদৃঢ় হৈ পৰিছে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি, এই ঔদ্যোগিক উত্তৰণক এক গুৰুত্বপূৰ্ণ সাফল্য বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “নলবাৰীত পেপচিকো ইণ্ডিয়াৰ খাদ্য উৎপাদন প্ৰকল্পৰ উদ্বোধনে অসমৰ ঔদ্যোগিক উত্তৰণৰ যাত্ৰাত এক নতুন মাত্ৰা যোগ কৰিছে। আমাৰ ব্যৱসায়-অনুকূল নীতি, উন্নত আন্তঃগাঁথনি আৰু দক্ষ কৰ্মশক্তিৰ ওপৰত বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ থকা গভীৰ আস্থাক এই বৃহৎ বিনিয়োগে প্ৰতিপন্ন কৰিছে। কেৱল নতুন সংস্থাপন সৃষ্টি বা অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিয়েই নহয়, এই প্ৰকল্পই ৰাজ্যৰ কৃষি ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব আৰু কৃষক, মহিলা তথা স্থানীয় ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে নতুন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। অসমৰ উন্নয়নৰ এই দীঘলীয়া যাত্ৰাত পেপচিকো ইণ্ডিয়াৰ নিৰন্তৰ অংশীদাৰিত্ব আৰু প্ৰতিশ্ৰুতিক আমি আন্তৰিক আদৰণি জনাইছোঁ।”

পেপচিকো ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জাগ্ৰুত কোটেচাই কয়, “নলবাৰীৰ এই প্ৰকল্পই পেপচিকো ইণ্ডিয়াৰ বিকাশ যাত্ৰাত এক বিশেষ মাত্ৰা যোগ কৰাৰ লগতে দেশৰ সামগ্ৰিক উন্নয়নলৈ আগবঢ়োৱা আমাৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিক অধিক দৃঢ় কৰি তুলিছে। অসমৰ শক্তিশালী কৃষি ভিত্তি, উন্নত আন্তঃগাঁথনি আৰু ক্ৰমবৰ্ধমান অৰ্থনৈতিক গুৰুত্বৰ বাবেই আমাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে ৰাজ্যখন এক স্বাভাৱিক পচন্দ হিচাপে বিবেচিত হৈছে। এই বৃহৎ বিনিয়োগৰ জৰিয়তে আমি উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে কৃষক, স্থানীয় ব্যৱসায়ী, মহিলা, নৱপ্ৰজন্ম আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকক সামৰি সমগ্ৰ ব্যৱস্থাত এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰিছোঁ। এনে এক গুৰুত্বপূৰ্ণ সফলতা সম্ভৱ কৰি তোলাৰ বাবে অসম চৰকাৰে আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

কৃষি ব্যৱস্থা সুদৃঢ়কৰণ আৰু কৃষকৰ জীৱন-জীৱিকাৰ উত্তৰণ

লক্ষ্যণীয় যে, অসমৰ কৃষি ক্ষেত্ৰখনলৈ এক নতুন গতি আনি নলবাৰীৰ এই প্ৰকল্পই চিপছ উৎপাদনৰ বাবে প্ৰয়োজনীয় উন্নত আলুৰ খেতিক এক লাভজনক ব্যৱসায়ত পৰিণত কৰিছে। এই পদক্ষেপে বহনক্ষম আধুনিক কৃষি পদ্ধতিৰ জৰিয়তে ৰাজ্যৰ ৫ হাজাৰতকৈও অধিক কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ উপৰিও প্ৰায় ৬০ হাজাৰ টন শীতলীকৰণ ভঁৰালৰ এক বৃহৎ বাণিজ্যিক সুযোগ সৃষ্টি কৰিব। ইতিমধ্যে অসমৰ ৬০০ৰো অধিক কৃষক প্ৰত্যক্ষভাৱে পেপচিকোৰ সৈতে জড়িত হৈছে। উন্নত জাতৰ বীজ, বৈজ্ঞানিক কৃষি পৰামৰ্শ, আধুনিক প্ৰযুক্তি আৰু প্ৰয়োজনীয় প্ৰশিক্ষণৰ জৰিয়তে উৎপাদিত ফচলৰ নিশ্চিত বজাৰ দিয়াৰ ব্যৱস্থা কৰি প্ৰতিষ্ঠানটোৱে ৰাজ্যজুৰি এই অংশীদাৰিত্বমূলক কৃষিৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰি আছে।

অন্তৰ্ভুক্তিমূলক বিকাশ আৰু মহিলা সৱলীকৰণৰ নতুন দিগন্ত

কৰ্মসংস্থাপন সৃষ্টিৰ সমান্তৰালভাৱে নলবাৰীৰ এই প্ৰকল্পই স্থানীয় অৰ্থনীতিলৈ কঢ়িয়াই আনিছে বহুমুখী বাণিজ্যিক সুযোগ। ইতিমধ্যে প্ৰায় ৭০০ প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপন নিশ্চিত কৰা এই উদ্যোগে ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ (এমএছএমই), পৰিবহণ, গুদামজাতকৰণ, পেকেজিং তথা অন্যান্য সহযোগী খণ্ডসমূহৰ বাবেও বিকাশৰ এক বহল পৰিসৰ মুকলি কৰিছে। সৰ্বাংগীন বিকাশক অগ্ৰাধিকাৰ দি পেপচিকো ইণ্ডিয়াই উদ্যোগটোৰ কৰ্মচাৰী দলত ৭৫ শতাংশতকৈ অধিক মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নাৰী শক্তিৰ সবলীকৰণ আৰু আৰ্থিক নিৰাপত্তা সুদৃঢ় কৰাৰ দিশত এই পদক্ষেপে এক বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰিছে।

বহনক্ষম পৰিৱেশ সংৰক্ষণ আৰু সমাজৰ ওপৰত ইতিবাচক প্ৰভাৱ

পেপচিকোৰ গোলকীয় আদৰ্শ ‘উইনিং উইথ পেপ+ (পেপচিকো পজিটিভ)’ অনুসৰি গঢ় লৈ উঠা এই প্ৰকল্পত আধুনিক প্ৰযুক্তিৰ সহায়ত ব্যৱসায়িক দক্ষতা আৰু সেউজ পৰিৱেশ ৰক্ষাৰ মাজত এক সমন্বয় গঢ়ি তোলা হৈছে। পৰিৱেশ-অনুকূল কৃষি, জল সংৰক্ষণ, পুনৰ ব্যৱহাৰযোগ্য পেকেজিং আৰু সামূহিক বিকাশৰ দৰে প্ৰতিষ্ঠানটোৰ দীৰ্ঘদিনীয়া সেউজ লক্ষ্যসমূহৰ সৈতে সংগতি ৰাখিয়েই সমগ্ৰ পৰিকাঠামো সজাই তোলা হৈছে।

একেদৰে, শক্তি সংৰক্ষণৰ বাবে উদ্যোগটোত সংযোজন কৰা হৈছে ধানৰ তুঁহৰ দৰে জৈৱ ইন্ধন চালিত থাৰ্মিক হিটাৰ, সৌৰশক্তি প্ৰকল্প, পানী পুনৰুদ্ধাৰ ব্যৱস্থা আৰু বৰষুণৰ পানী সংৰক্ষণৰ সুবিধা। পানীৰ অপচয় ৰোধ কৰি ইয়াৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ ফ্ৰায়াৰৰ পৰা ওলোৱা বাষ্প সংগ্ৰহৰ উপৰিও ভিএএম পদ্ধতিৰে পানী পুনৰ ব্যৱহাৰোপযোগী কৰি তোলা হৈছে। কাৰখানাত খৰচ হোৱা সমুদায় পানী প্ৰকৃতিলৈ ঘূৰাই অনাৰ বাবেও হাতত লোৱা হ’ব বিশেষ কাৰ্যসূচী। একেদৰে সম্প্ৰসাৰিত উৎপাদকৰ দায়বদ্ধতা (ইপিআৰ)-ৰ নিৰ্ধাৰিত নিয়ম পালন কৰি পেপচিকো ইণ্ডিয়াই বহনক্ষম উৎপাদন আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি অধিক সুদৃঢ় কৰিছে।

আনহাতে, নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে কাৰখানাটোৰ চালত ইতিমধ্যে ১.২ মেগাৱাট ক্ষমতাৰ সৌৰ প্ৰকল্প কাৰ্যক্ষম কৰা হৈছে। পৰৱৰ্তী সময়ত এই ক্ষমতা ১.৯ মেগাৱাটলৈ বৃদ্ধিৰ পৰিকল্পনা কৰিছে প্ৰতিষ্ঠানটোৱে।

ইফালে, যান-বাহনৰ পৰা ওলোৱা কাৰ্বন নিৰ্গমন ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে দুখনকৈ বেটাৰীচালিত মালবাহী বাহনৰ চলাচল আৰম্ভ কৰিছে পেপচিকো ইণ্ডিয়াই। ইয়াৰ বাবে কাৰখানা চৌহদতে এটা সুকীয়া চাৰ্জিং ব্যৱস্থা স্থাপন কৰা হৈছে। লক্ষ্যণীয় যে, এই বেটাৰীচালিত মালবাহী বাহনৰ চলাচলৰ ফলত বছৰি প্ৰায় ১ লাখ ২০ হাজাৰ কিলোমিটাৰ পথ ধোঁৱামুক্ত পৰিবহণৰ আওতালৈ আহিব।

ভৱিষ্যতৰ চাহিদাৰ সৈতে খাপ খুৱাই সেউজ আৰু ক্ষিপ্ৰ উৎপাদন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰেই নিদৰ্শন এই আধুনিক প্ৰকল্প।


পেপচিকো সম্পৰ্কে:

বিশ্বৰ দুই শতাধিক দেশৰ কোটি কোটি গ্ৰাহকৰ দৈনন্দিন জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে সাঙোৰ খাই আছে পেপচিকোৰ নাম। প্ৰতিটো দিনতে বিশ্বজুৰি এশ কোটিৰো অধিক বাৰ ব্যৱহাৰ হয় প্ৰতিষ্ঠানটোৰ খাদ্য-সামগ্ৰী। শক্তিশালী বাণিজ্যিক ভেটিৰ বাবেই বিগত ২০২৫ বৰ্ষত পেপচিকোৱে প্ৰায় ৯৪ বিলিয়ন মাৰ্কিন ডলাৰৰ নিকা ৰাজহ আহৰণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ লে’জ, ডৰিটোছ, চিটোছ, গেটৰেড, পেপচি-কোলা, মাউণ্টেন ডিউ, কুৱেকাৰ আৰু ছ’ডাষ্ট্ৰিমৰ দৰে বিশ্ববিশ্ৰুত পানীয় তথা পেকেটজাত খাদ্যৰ বিপুল জনপ্ৰিয়তাই এই বৃহৎ সফলতাৰ পথ প্ৰশস্ত কৰিছে। খাদ্য আৰু পানীয়ৰ এক বিশাল সম্ভাৰৰে বজাৰ দখল কৰা পেপচিকোৰ এনে একাধিক ঐতিহাসিক ব্ৰেণ্ড আছে, যাৰ প্ৰতিটোৱেই বাৰ্ষিক খুচুৰা বিক্ৰীৰ জৰিয়তে এক বিলিয়ন ডলাৰতকৈও অধিক ধন অৰ্জন কৰে।

পেপচিকোৰ অন্যতম মূল লক্ষ্য হৈছে পানীয় আৰু পেকেটজাত খাদ্য সম্ভাৰৰ জৰিয়তে বিশ্ব বজাৰত নিজৰ স্থিতি অধিক শক্তিশালী কৰা। এই লক্ষ্যত উপনীত হ’বলৈ প্ৰতিষ্ঠানটোৱে আঁকোৱালি লৈছে ‘উইনিং উইথ পেপ+ (পেপচিকো পজিটিভ)’ শীৰ্ষক এক যুগান্তকাৰী দৃষ্টিভংগী। মূলতঃ পেপ+ হৈছে প্ৰতিষ্ঠানটোৰ এনে এক সুদূৰপ্ৰসাৰী কৌশলগত পদক্ষেপ, যাৰ কেন্দ্ৰবিন্দুত আছে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম বিকাশৰ সংকল্প। ক্ষিপ্ৰ ব্যৱসায়িক অগ্ৰগতিৰ সমান্তৰালভাৱে প্ৰতিষ্ঠানটো জড়িত সমাজখনৰ মাজত এক সুস্থিৰ, সুৰক্ষিত আৰু শক্তিশালী ভৱিষ্যতৰ ভেটি গঢ়ি তোলাই হৈছে এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য। অধিক তথ্যৰ বাবে আগ্ৰহী ব্যক্তিয়ে www.pepsico.com ভিজিট কৰিব পাৰে, অথবা এক্স (টুইটাৰ), ইনষ্টাগ্ৰাম, ফেচবুক আৰু লিংকডইনত পেপচিকোৰ অফিচিয়েল হেণ্ডেল @PepsiCo অনুসৰণ কৰিব পাৰে।

Related Articles