তেজপুৰৰ ঘোৰামাৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰৰ ঘোৰামাৰি পাটগাঁৱৰ ওচৰত যোৱা নিশা প্ৰায় ১২ বজাত এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, বালিপৰাৰ পৰা তেজপুৰ অভিমুখে আহি থকা AR04A2696 নম্বৰৰ ট্ৰাক আৰু বিপৰীত দিশৰ পৰা তেজপুৰৰ পৰা বালিপৰা দিশে গৈ থকা AS12AP6300 নম্বৰৰ ইক’ ভানৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে ইক’ ভানখনত থকা ৫ জন লোক থিতাতে নিহত হয়।
নিহতসকলৰ পৰিচয়:
নিহত ৫ জনেই ঘোৰামাৰী বতাবাৰী অঞ্চলৰ বাসিন্দা –
১. হৰ গোবিন্দ হাজোৱাৰী
২. নয়ন স্বৰ্গীয়াৰী
৩. পাপু বৰা
৪. প্ৰাঞ্জল বণিয়া
৫. সঞ্জয় মেচ
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে তেজপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন জব্দ কৰিছে যদিও চালকজন ঘটনাৰ পিছতে পলাতক।
এই মৰ্মান্তিক দুৰ্ঘটনাই সমগ্ৰ বতাবাৰী অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

