ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছাৰি বিগত পাঁচ বছৰত অসমত বিভিন্ন আন্তৰ্জাতিক খেল সফলতাৰে সমাপন কৰি ক্ৰীড়াৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু অসমৰ ক্ৰীড়াই এতিয়াও যেন লক্ষ্যত উপনিত হ’ব পৰা নাই। অৱশ্যে ইয়াৰ বাবে সময়ৰো প্ৰয়োজন। ইতিমধ্যে বিগত সময় ছোৱাত অসমত বিভিন্ন আঁচনি প্ৰস্তুত কৰি ক্ৰীড়াৰ উন্নতি কল্পে কাম কৰি থকা পৰিলক্ষিত হৈছিল। এই আঁচনি সমূহৰ ফলাফল কি হ’ল সেয়া পৰ্য্যালোচনা কৰি অনাগত দিনত অধিক সক্ৰিয়তাৰে ক্ৰীড়াৰ কাম কৰিব পাৰিলে ক্ৰীড়া ক্ষেত্ৰ লাভৱান হ’ব বুলি মন্তব্য আগবঢ়াইছে সচেতন ক্ৰীড়া সংগঠক সকলে। অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ লগতে খেলুৱৈৰ জীৱন-জীৱিকাৰ পথ সূনিশ্চিত কৰিব নোৱাৰিলে সকলো আঁচনিয়ে ব্যাৰ্থ হ’ব, এই কথা নিশ্চিত। সন্মুখত এটা উজ্বল ভবিয্যত নাথাকিলে আজিকালি ক্ৰীড়া কৰিবলৈ কোনো খেলুৱৈয়ে আগবাঢ়ি নাহে। নহাটো স্বাভাৱিক কিয়নো খেল এৰি দিয়াৰ পিছত খেলুৱৈ সকলৰ পানীত হাঁহ নচঁৰাৰ দৰে অৱস্থা হয়। পানদোকান চাহদোকান দি এওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। এটা সময়ত এওঁলোকেই ৰাজ্যখনলৈ মান সন্মান কঢ়িয়াই অনাৰ বাবে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল। খেলি থকা সময়ত জাউৰিয়ে জাউৰিয়ে দৰ্শকৰ হাত চাপৰিৰ বাহিৰে খেলুৱৈ সকলে চৰকাৰী ভাৱে সংস্থাপন নোপোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক। ইয়াৰ লগে লগে বহু শিক্ষিত যুৱকে শাৰীৰিক শিক্ষাৰ পাঠ্যক্ৰম সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ ঘৰত এনেই বহি ঘুমাই পাৰ কৰিবলগীয়া হৈছে তেওঁলোকৰ সময়। যি উদ্যেশ্য লৈ তেওঁলোকে এই পাঠ্যক্ৰম গ্ৰহন কৰি আছিল সকলো ফুটুকাৰ ফেন হ’ল। ক্ৰীড়াৰ হাৰে হিমজুৱে ভাল পোৱা এই সকল বহুতৰে এতিয়া চাকৰিৰ বয়স উকলি গ’ল। বহুতেই এতিয়া চাকৰিৰ আশাত হাঁহ-হুমুনিয়াহ কাঢ়ি আছে। ক্ৰীড়াৰ উন্নতি হ’ব লাগিলে বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰি এই সকল শাৰীৰিক নিৰ্দেশক সকলক চৰকাৰে নিয়োগ কৰিব লাগিব আৰু তেতিয়াহে পদ্ধতিগত ভাৱে ক্ৰীড়া আগবাঢ়ি যাব। বিদ্যালয় সমূহতে খেলুৱৈ নিৰ্বাচনৰ ক্ষেত্ৰত শাৰীৰিক নিৰ্দেশক সকল মুখ্য ভুমিকা পালন কৰিব পাৰে। কোন খেলুৱৈয়ে কি খেল খেলিলে লাভৱান হ’ব পাৰিব, খেলবিধে বিচৰা ধৰনে খেলুৱৈ সৃষ্টিত এওঁলোকৰ অৱদান অনস্বীকাৰ্য। বছা বছা খেলুৱৈ সকলক উন্নয়ন খণ্ড আৰু জিলা ভিত্তিত দীৰ্ঘকালিন প্ৰশিক্ষণৰ ব্যাৱস্থা কৰাৰ পিছত ৰাজ্যিক ভিত্তিত এই সকল খেলুৱৈক উন্নত মানৰ প্ৰশিক্ষণ দিব পাৰিলে অসমৰ ক্ৰীড়া উজ্বলি উঠিবলৈ সক্ষম হ’ব বুলি কব পাৰি। অৱশ্যে আঁচনি সমূহ সঠিক ভাৱে ৰূপায়ন হৈছে নে নাই সেই কথাটোত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। এতিয়ালৈ চৰকাৰে ক্ৰীড়াৰ নামত যিমান আঁচনি প্ৰস্তুত কৰিছে সেয়াই এজন ৰাষ্ট্ৰীয়, আন্তুৰাষ্ট্ৰীয় খেলুৱৈ গঢ়াত কিমান সহায় কৰিছে সেয়াহে বিচাৰ্যৰ বিষয়। আমি আশাবাদী নতুন চৰকাৰে আহি থকা পাঁচ বছৰত অসমৰ জনপ্ৰিয় খেলসমূহৰ পৰা আন্তৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টিত মনোনিবেশ কৰি ক্ৰীড়াৰ জড়িয়তে ৰাজ্যত মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত ল’ব। ক্ৰীড়াই যদি শাৰীৰিক মানসিক উৎকৰ্য সাধনত সহায় কৰিব পাৰে, ঐক্য-সংহতি-সম্প্ৰীতি বজাই ৰাখিব পাৰে, মানুহক নিৰোগী সুস্বাস্থ্যৱান কৰি গঢ়ি তুলিব পাৰে, দেশলৈ সুনাম কঢ়িয়াই আনি দেশ খনক সবাতকৈ চহকী কৰি তুলিব পাৰে তেনে ক্ৰীড়াক ধেমালী বুলি গ্ৰহন নকৰি উপযুক্ত মৰ্য্যদা প্ৰদান কৰি ক্ৰীড়াক অধিক আগবঢ়াই নিয়াত নতুন চৰকাৰে পদক্ষেপ গ্ৰহন কৰিব। এয়াই অসমৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ একান্ত আশা।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…