সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ সুযোগ্য খেলুৱৈ ভাৰ্গৱ দাস

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ সুযোগ্য খেলুৱৈ ভাৰ্গৱ দাস। দক্ষিণ এছিয়াৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে নেপালত অনুষ্ঠিত দ্ৰীপবল চেম্পিয়নশ্বিপত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰ্গৱ দাস। বজালী জিলাৰ বাঘমাৰাস্থিত নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ভাৰ্গৱৰ কৃতকাৰ্যতাত গৌৰৱান্বিত স্থানীয় ৰাইজ, তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু সকল।

এক উৎসৱমুখৰ পৰিৱেশৰ মাজত ভাৰ্গৱে অধ্যয়নৰত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষাগুৰু সকলে জ্ঞাপন কৰে উষ্ম আদৰণি তথা সম্বৰ্ধনা। উল্লেখ্য যে এইবাৰ নেপালত অনুষ্ঠিত দ্ৰীপবল চেম্পিয়নশ্বিপত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰ্গৱে। বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলি টুকুৰাকুছি গাওঁৰ ৰাজকুমাৰ দাস আৰু নিজৰা দাসৰ সু-সন্তান হৈছে ভাৰ্গৱ দাস। প্ৰথমবাৰ অনুশীলন কৰিয়ে এনেদৰে সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠা ভাৰ্গৱক লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ টুকুৰাকুছি অঞ্চল।

তাৰোপৰি ভাৰ্গৱৰ খেলৰ লগতে চিত্ৰাংকনৰ প্ৰতি আছে তীব্ৰ আসক্তি। কাৰোবাক চাই চাইয়ে তেওঁ আকি দিব পাৰে হুবহু প্ৰতিচ্ছবি। মাক দেউতাকৰ পৰা জুবিন গাৰ্গলৈ ভাৰ্গৱে তেওঁৰ ঘৰত আকি থৈছে কেবাখনো দৃষ্টিনন্দন প্ৰতিচ্ছবি। বজালী জিলাৰ বাঘমাৰাস্থিত নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ভাৰ্গৱৰ এই সাফল্যত টুকুৰাকুছি অঞ্চলবাসীৰ লগতে সমানে উৎফুল্লিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজনো।

Related Articles