নলবাৰী জিলাৰ মুকালমুৱাত আজিৰ পৰা আৰম্ভ হয় ফুটবল মহাৰণ। মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত অইল ইণ্ডিয়া লিমিটেড আৰু এন.আৰ.এল.ৰ আংশিক অৰ্থসাহায্যৰে “সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন”ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ১৪ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন আজিৰ পৰা আৰম্ভ হয়। মুকালমুৱাৰ দেশভক্ত ময়দানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন উদ্বোধন কৰে নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে।
লগতে উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা মাছাৰ সভাপতি নাৰায়ণ ডেকা। প্ৰতিযোগিতা খনৰ আৰম্ভণিৰ খেলখন অনুষ্ঠিত হয় মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা আৰু হোলী চেভেনষ্টাৰ, হাউলীৰ মাজত। উদ্বোধনী খেলখনত ৪-১ গ’লৰ ব্যৱধানত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই জয়লাভ কৰিবলৈ সক্ষম হয়।
আজিৰ খেলখন পৰিচালনা কৰা ৰেফাৰী ক্ৰমে কনক বড়ো,ছফিকুল হক,ভুপেন তালুকদাৰ,জংছাৰ বসুমতাৰীয়ে। আজিৰ খেলখনত খেলুৱৈ সকলৰ দুভৰিৰ যাদু চাবলৈ দেশভক্ত ময়দানত অসংখ্য দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এই বৰ্ষত প্ৰতিযোগিতাখনত কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলকে ধৰি মুঠ ১২ টা দলে অংশগ্ৰহণ কৰিব। এইবেলি প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ পাচ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ তিনি লাখ টকা ধাৰ্য্য কৰিছে আয়োজক সকলে। সোমবাৰে প্ৰতিযোগিতাৰ দ্বিতীখন প্ৰি-কোৱাৰ্টাৰ খেলত অংশগ্ৰহণ কৰিব দলৈতোলা নয়নজ্যোতি স্পোৰ্টচ ক্লাব বনাম সোনাপুৰ স্পোৰ্টচ ক্লাবে।

