ওৰাংত অৰুণাচল প্ৰদেশৰ চুৰি পালছৰ বাইক উদ্ধাৰ

ৰাজ্যত বৰ্ধিত কৰোণাৰ সংক্ৰমণৰ ফলত ৰাজ্যবাসীক চিন্তিত কৰা সময়তে একাংশ দুস্কৃতিকাৰীয়ে গাড়ী মটৰ চুৰি কাৰ্যত লিপ্ত হৈ ৰাজ্যবাসীক বাৰুকৈ চিন্তিত কৰি তুলিছে । তেনে এক ঘটনা পোহৰলৈ আহিছে ওৰাং আৰক্ষী চকীত । ওৰাং আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰক্ষী চকীত কৰ্মৰত  কেইবাজনো আৰক্ষীয়ে দৈনিক চলাই অহা তালাচী অভিযানৰ দৰেই   ২৫ জুনত ওৰাংত তালাচী অভিযান চলাই থকা মুহূৰ্ততে ধৰা পৰে এখন চুৰি বাইক । বাইক আৰোহী সকলৰ কথা বাৰ্তাত সন্দেহ উপজাত আৰক্ষীৰ দলে ভালকৈ বিষয়টো চালি জাৰি চোৱাত আৰোহী দুয়োজনে লৈ অহা পালছাৰ বাইক খন চুৰি কৰা বুলি চিহ্নিত হয় । ওৰাং আৰক্ষী থানাৰ  তালাচী অভিযানত ধৰা পৰা AS 03 J  3015 নম্বৰৰ  পালছাৰ বাইক খন অৰুণাচল প্ৰদেশৰ জিৰো পইণ্ট ৰ পৰা চুৰি কৰি আনিছিল বুলি জানিব পৰা গৈছে । চুৰি বাইক সহ ধৰা পৰা  ধ্ৰুত চুৰ দুজন ক্ৰমে আমিনুল হক পশ্চিম বংগৰ দিনহাটা ,আৰু  ৰাছীদুল ইছলামৰ ঘৰ  ধুবুৰী জিলাৰ গোলাকগঞ্জত বুলি জানিব পৰা গৈছে । এতিয়া চিন্তাৰ বিষয় হ’ল বহি: ৰাজ্জ্যৰ পৰা অসম অৰুণাচল আদি ৰাজ্যত প্ৰৱেশ কৰি বাইক , গাড়ী মটৰ চুৰি কৰাৰ কাৰ্যত লিপ্ত থকা বিষয়টো ৰাজ্যবাসীক অত্যন্ত চিন্তিত কৰা বিষয় । এই বহি: ৰাজ্জ্যৰ পৰা অসমত প্ৰৱেশ কৰি চুৰি কৰা ডাঙৰ গেংটোক উৎসাত কৰাৰ বাবে অসম প্ৰশাসনে বিশেষ গুৰুত্ব দিয়া বুলি অঞ্চলৰ ৰাইজে ব্যক্ত কৰিছে ।  ওৰাং আৰক্ষীৰ তালাচী অভিযানৰ বাবে চুৰ দুজন ধৰা পৰাত ওৰাং বাসী ৰাইজে ওৰাং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। 

Related Articles