অৰুণাচল প্ৰদেশৰ জী’ৰৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ ওৰাং আৰক্ষীৰ

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ সফলতা। অৰুণাচল প্ৰদেশৰ জী’ৰৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ হ’ল ওৰাঙত। ওৰাং আৰক্ষীয়ে ২৫ জুনত উদ্ধাৰ কৰিলে অৰুণাচল প্ৰদেশৰ পৰা চুৰি হোৱা মটৰ বাইক। ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ওৰাং আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচী অভিযানত উদ্ধাৰ হ’য় চুৰি বাইক খন। ওৰাং আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত শোণিতপুৰ অভিমুখৰ পৰা আহি থকা এখন বাইক আৰু বাইকখনৰ আৰোহী দুজনৰ ওপৰত সন্দেহ হ’য় ওৰাং আৰক্ষীৰ। বাইক আৰোহী দুজনৰ ওপৰত আৰক্ষীৰ সন্দেহ হোৱাত হোৱাত ওৰাং আৰক্ষীয়ে লোক দুজনক জেৰা কৰে। ওৰাং আৰক্ষীৰ জেৰাত বাইক খনত অহা আৰোহী দুজনে আৰক্ষীক বাইকখনৰ সঠিক তথ্য প্ৰদান কৰিবলৈ অসমৰ্থ হ’য়। বাইকত অহা লোক দুজনৰ পৰা ওৰাং আৰক্ষীয়ে বাইক খনৰ সঠিক তথ্য নোপোৱাত বাইকখন জব্দ কৰে। লোক দুজনৰ পৰা বাইকখন জব্দ কৰি ওৰাং আৰক্ষীয়ে অনুসন্ধান কৰাত বাইকখন যোৱা ২৩ জুনত অৰুণাচল প্ৰদেশৰ জী’ৰুৰ পৰা চুৰ হোৱা বুলি জানিব পাৰে। ২৩ জুনত অৰুণাচল প্ৰদেশৰ জী’ৰুৰ পৰা লোক দুজনে চুৰ কৰি আনিছিল বাইকখন। বাইকখন চুৰি কৰি অনাৰ তথ্য লাভ কৰাৰ লগে লগে ওৰাং আৰক্ষীয়ে বাইকখনৰ সৈতে বাইক আৰোহী আইনুল হুক আৰু ৰাছিদুল ইছলাম নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। ওৰাং আৰক্ষীয়ে লোক দুজনৰ পৰা উদ্ধাৰ কৰা চুৰি বাইক খনৰ নম্বৰ হৈছে এ এছ ০৩ জে ৩০১৫ ।আইনুল হুক আৰু ৰাছিদুল ইছলাম নামৰ লোক দুজনে যোৱা ২৩ জুনত অৰুণাচল প্ৰদেশৰ জী’ৰুৰ পৰা বাইক খন চুৰি কৰি ধুবুৰীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি জানিবলৈ দিছে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে। ওৰাং আৰক্ষীয়ে জানিবলৈ দিয়া মতে আইনুল হুক আৰু ৰাছিদুল ইছলামে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ জী’ৰুত কৰ্মসূত্ৰে আছিল। দীৰ্ঘদিন ধৰি কৰ্মসূত্ৰে জী’ৰত থাকি আইনুল আৰু ৰাছিদুলে চুৰ কৰি আনে বাইকখন। ধূত আইনুল হুকৰ ঘৰ পশ্চিম বংগৰ দিনহাতা আৰু ৰাছিদুল ইছলামৰ ঘৰ ধুবুৰীৰ গুলগঞ্জৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে  ২৬জুনত ওৰাং আৰক্ষীয়ে দুয়োজন লোককে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আইনুল হুক আৰু ৰাছিদুল ইছলামক৷ ওৰাং আৰক্ষীৰ  এনে ধৰনৰ কাৰ্যক প্ৰশংসা কৰি শলাগ লৈছে ৷

Related Articles