প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি অসম তথা বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰা ‘জুবিন দিৱস’ৰ আবেগৰ ঢৌৱে কুৱেইটকো স্পৰ্শ কৰিলে। সীমিত সা-সুবিধা আৰু সদস্যসংখ্যাৰ মাজতো কুৱেইটৰ অসম সংঘ আৰু অসম সাহিত্য সভাৰ কুৱেইট শাখাৰ উদ্যোগত ১৯ ছেপ্টেম্বৰত পৃথকে পৃথকে দিনৰ আৰু ৰাতিৰ ভাগত ‘জুবিন দিৱস’ পালন কৰা হয়। জুবিন গাৰ্গৰ সৈতে কুৱেইটৰ আছিল এক বিশেষ আত্মিক সম্পৰ্ক।
কুৱেইটলৈ জুবিনক আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যেই অসম সংঘ গঠন কৰা হৈছিল বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। সেয়া আছিল ২০০৮-২০০৯ ইংৰাজী বৰ্ষৰ কথা। জুবিন গাৰ্গে কুৱেইটলৈ দুবাৰ গৈছিল। প্ৰথমবাৰ অকলেই গৈছিল যদিও ২০১৫ চনত জুবিলীৰ সৈতে কুৱেইটলৈ গৈছিল জুবিন গাৰ্গ। ৰঙালী বিহুৰ সময়ত দুদিন ধৰি অতি ওচৰৰ পৰা জুবিনৰ সান্নিধ্য লাভ কৰাৰ স্মৃতি আজিও কুৱেইটৰ অসমীয়া সমাজৰ বহু লোকৰ মনত সজীৱ। সকলো বয়সৰ মানুহৰ সৈতে মুহূৰ্ততে আপোন হৈ যাব পৰা জুবিনৰ মাজত তেওঁলোকে দেখিছিল শিশুৰ দৰে সৰলতা, আকৌ কেতিয়াবা হঠাতে প্ৰকাশ পোৱা খেয়ালী মনৰো সাক্ষী হৈছিল সেই সময়ৰ সংগীসকলে। মাত্ৰ দুদিনৰ সেই সান্নিধ্যতেই জুবিনে কুৱেইটৰ অস্থায়ী প্ৰবাসী অসমীয়া সমাজখনক আপোন কৰি লৈছিল।
তেওঁৰ কণ্ঠৰ সুৰ আৰু ব্যক্তিত্বৰ মায়াজালেৰে দুটা দিন যেন একেলগে বান্ধি ৰাখিছিল সকলোকে। সেই স্মৃতিকেই পুনৰ উভতি চাই ১৯ ছেপ্টেম্বৰত কুৱেইটৰ অসমীয়া সমাজে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অশ্ৰুসিক্ত নয়নেৰে আগবঢ়ালে স্মৃতি আৰু মৰমৰ অঞ্জলি। জুবিনৰ সৈতে কুৱেইটৰ সেই পুৰণি সম্পৰ্কই যেন আকৌ এবাৰ সোঁৱৰাই দিলে— শিল্পীজনৰ ভৌগোলিক পৰিসৰ কেতিয়াও কেৱল অসমৰ মাজতে সীমাবদ্ধ নাছিল, তেওঁৰ গান আৰু উপস্থিতিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া হৃদয়ক একেটা সুৰত বান্ধি ৰাখিছিল।

