সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে অসম নগালেণ্ডৰ যুটীয়া প্ৰচেষ্টাত সীমান্তৰ উৰিয়ামঘাটত এখনি নাহৰ উদ্যান স্হাপন কৰা হয় ৷ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু নগালেণ্ডৰ ভাণ্ডাৰী সমষ্টিৰ বিধায়ক অচুম্বেম’ কিখনৰ যৌথ প্ৰচেষ্টাত সৰুপথাৰ সমজিলা প্ৰশাসন , বন বিভাগ, দল সংগঠন আৰু নগালেণ্ডৰ ভাণ্ডাৰীৰ সমষ্টিৰ অন্তগত নিউলেণ্ড প্ৰশাসন, দল সংগঠনৰ সহযোগত স্হাপন কৰা নাহৰ উদ্যান শুভাৰম্ভনি অনুষ্ঠানৰ দিনা দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া, গাঁওপ্ৰধান , জাতীয় দল সংগঠন বিষয়ববীয়া সকলৰ উপস্হিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থকা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়ববীয়া , স্হানীয় দল সংগঠন আৰু কেইবা সহশ্ৰাধীক ৰাইজৰ উপস্হিতিত দুয়োখন ৰাজ্যৰ সাংস্কৃতিক দলে নিজা নিজা সংস্কৃতি প্ৰদৰ্শন কৰে ৷ অন্যহাতে দুয়োখন ৰাজ্যৰ মাজত শান্তি , সম্প্ৰীতি আৰু পাৰস্পৰিক সম্পৰ্ক অটুত ৰখাৰ স্বাৰ্থত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু নগালেণ্ডৰ ভাণ্ডাৰী সমষ্টিৰ বিধায়ক অচুম্বেম’ কিখন মাজত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহত এখনি বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকৰ শেষত দুয়োজন বিধায়কে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৷
চুক্তিমতে অসম-নাগালেণ্ড সীমান্তত শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ পৰিবেশ বজায় ৰাখিবলৈ দুয়োপক্ষই সংকল্পবদ্ধ ৷ কোনো ধৰণৰ সংঘাত, ভুৱা বাতৰি বা অশান্তিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ দুয়োটা সমষ্টিৰ ৰাইজ, বেচৰকাৰী সংগঠন, গাঁও সভা আৰু জিলা প্ৰশাসনৰ মাজত নিয়মীয়া যোগাযোগ বজাই ৰখা, সীমান্তৰ সমস্যাসমূহ সমাধানৰ বাবে এক ‘সৰুপথাৰ-ভাণ্ডাৰী যুটীয়া শান্তি আৰু সমন্বয় সমিতি’ (Sarupathar-Bhandari Joint Peace and Coordination Committee) গঠন কৰাত নীতিগতভাৱে সন্মতি প্ৰকাশ কৰা হয় ৷
ইয়াৰ উপৰিও সীমান্তৱৰ্তী অঞ্চলত নিৰাপদ, আইনী আৰু পৰিৱেশ-অনুকূল অৰ্থনৈতিক কাৰ্যসূচী তথা জীৱিকাৰ সুযোগসমূহক উদগনি দিয়া, সংগীত, ক্ৰীড়া, সাহিত্য, সংগীতেৰে পুৰণি সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈ অসম-নাগালৈণ্ডৰ মাজত নিয়মীয়াকৈ সাংস্কৃতিক বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰা, কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ সাংস্কৃতিক অৱদান আৰু ঐক্যৰ বাৰ্তাক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁৰ স্মৃতিত যুটীয়া সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰাৰ ইচ্ছাপ্ৰকাশ কৰা লগতে স্বাক্ষৰিত যৌথ প্ৰস্তাৱটো কেৱল শান্তি আৰু সৌহাৰ্দ্য বৃদ্ধিৰ উদ্দেশ্যে গ্ৰহণ কৰা আৰু এই প্ৰস্তাৱে অসম বা নাগালেণ্ড চৰকাৰৰ সীমান্ত সম্পৰ্কীয় কোনো আইনী অধিকাৰ, মাটিকালীৰ দাবী বা আদালতত বিচৰাধীন গোচৰত কোনো প্ৰভাৱ নেপেলায় বুলি দুয়োজন বিধায়কে সাক্ষৰ কৰে ৷ দুয়োজন বিধায়কৰ প্ৰচেষ্টাত দুয়োখন ৰাজ্যৰ জনসাধাৰনে অনাগত দিনত দুয়োখন ৰাজ্যৰ মাজত ভাতৃত্ববোধ , শান্তি সম্প্ৰীতি বজাই ৰাখিব বুলি আশা কৰিছে ৷

