মহাকাশ বিজ্ঞান অধ্যয়ন আৰু মহাকাশ গৱেষণা কেন্দ্ৰৰ ক্ষেত্ৰত এক সবল খোজ অসমৰ

আজি সমগ্ৰ অসমৰ বাবে এক ঐতিহাসিক ক্ষণ।

দেশৰ মহাকাশ প্ৰযুক্তিৰ মানচিত্ৰত সংযোজন অসমৰ নাম।

মহাকাশ বিজ্ঞান অধ্যয়ন আৰু মহাকাশ গৱেষণা কেন্দ্ৰৰ ক্ষেত্ৰত অসমৰ এক সবল খোজ।

চন্দ্ৰপুৰত ISROৰ এডভাঞ্চ ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

এই কেন্দ্ৰত ISROই অত্যাধুনিক ৰাডাৰ স্থাপন কৰিব।

২০০ বিঘা মাটিত ISROৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰ হ’ব।

এই কেন্দ্ৰই শক্তিশালী কৰিব দেশৰ মহাকাশ নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থাক।

চন্দ্ৰপুৰত মেঘ গৱেষণা কৰিব পৰা ক্লাউডেড ৰাডাৰ স্থাপনৰো পৰিকল্পনা।

ISROএ আন প্ৰকল্প সম্প্ৰসাৰণ কৰিব বিচাৰিলেও সহযোগিতা কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।

মহাকাশ বিজ্ঞান অধ্যয়ন আৰু মহাকাশ গৱেষণা কেন্দ্ৰৰ ক্ষেত্ৰত অসমৰ এক সবল খোজ।

এই প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles