সদ্যপ্রয়াত সাংবাদিক পায়েল মেহতাৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

সদ্যপ্রয়াত সাংবাদিক পায়েল মেহতাৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পায়েল মেহতাৰ মাতৃ হর্ষা মেহতা আৰু পৰিয়ালবৰ্গৰ কাষত উপস্থিত হৈ দুখৰ সমভাগী হোৱাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে-‘সন্তানক হেৰুওৱাৰ বেদনাতকৈ গভীৰ শোক কি হ’ব পাৰে! এনে এক অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱা হৰ্ষা মেহতা বাইদেউৰ দুখৰ সমভাগী হ’বলৈ মোৰ হাতত যেন কোনো শব্দই নাই। তেখেতৰ মৰমৰ কন্যা, প্রসিদ্ধ সাংবাদিক পায়েল মেহতা আছিল এগৰাকী অতি মৰমিয়াল, সৰল আৰু স্পষ্টবাদী মানৱীয় গুণেৰে সমৃদ্ধ নাৰী। অতি কম সময়ৰ জীৱনযাত্ৰাতে তেওঁ যি মৰম, সন্মান আৰু শুভকামনা অৰ্জন কৰি থৈ গ’ল; তাক লৈ আমি গৌৰৱবোধ কৰোঁ।

পায়েল মেহতাৰ স্বর্গগামী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। এই কঠিন সময়ত মাতৃ হৰ্ষা বাইদেউ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।’

Related Articles