ছয়দুৱাৰ মহাবিদ্যালয়ৰ(স্বায়ত্ব শাসিত)নিৰ্বাচনত মেধাৱী ছাত্ৰী নেহা ছেত্ৰীৰ ঐতিহাসিক বিজয়

গহপুৰৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এক অভূতপূৰ্ব তথা ঐতিহাসিক ফলাফল পোহৰলৈ আহিছে। মহাবিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী গোৰ্খা ছাত্ৰীয়ে সৰ্বোচ্চ আসন দখল কৰি এক নতুন অধ্যায়ৰ সূচনা কৰিছে। বিপুল ভোটৰ ব্যৱধানত সভানেত্ৰী পদত বিজয় সাব্যস্ত কৰি মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ গহপুৰবাসীক গৌৰৱান্বিত কৰি তুলিছে ছাত্ৰী নেহা ছেত্ৰীয়ে।

নেহাৰ এই ঐতিহাসিক বিজয়ে বৃহত্তৰ অঞ্চলটোৰ লগতে সমগ্ৰ অসমৰ গোৰ্খা সমাজত এক অভূতপূৰ্ব উচাহৰ জোৱাৰ তুলিছে। বিজয় ঘোষণাৰ লগে লগে মহাবিদ্যালয় চৌহদৰ লগতে গহপুৰৰ বিভিন্ন প্ৰান্তত আনন্দ-উল্লাসৰ সৃষ্টি হয়। সমৰ্থকসকলে এই সাফল্যক কেৱল এগৰাকী মেধাবী ছাত্ৰীৰ বিজয় নহয়, বৰঞ্চ ছাত্ৰ সমাজৰ ঐক্য, সংগ্ৰাম আৰু সমন্বয়ৰ এক ঐতিহাসিক প্ৰতিফলন বুলি অভিহিত কৰিছে। এই সাফল্যৰ আঁৰত মহাবিদ্যালয়খনৰ সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ অপৰিসীম সমৰ্থনৰ উপৰিও বিভিন্ন ছাত্ৰ সংগঠনৰ নিৰন্তৰ প্ৰচেষ্টা দেখা গৈছে।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা(AAGSU)ৰ বিশ্বনাথ জিলা সমিতি, ৰাজগড়, বেগীজান আৰু গহপুৰ আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে দিন-ৰাতি একাকাৰ কৰি কৰা অহোপুৰুষাৰ্থই এই বিজয় সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। একদেৰে, সমাজকৰ্মী কিশোৰ ছেত্ৰী, আগছুৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুনীল সুতাৰ, যুৱ সতীৰ্থ কুশল ভট্টৰাই আৰু মহাবিদ্যালয়খনৰ গোৰ্খা গোটৰ সক্ৰিয় মাৰ্গদৰ্শন আৰু একাগ্ৰতা এই যাত্ৰাত অন্যতম চালিকা শক্তি হিচাপে পৰিগণিত হৈছে।

আনহাতে, এই নিৰ্বাচনী যুঁজত গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ (AASU) সভাপতি আৰু সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়া-সদস্যৰ সক্ৰিয় সহযোগিতা আৰু সমৰ্থন বিশেষভাৱে লক্ষণীয় আছিল। নেহা ছেত্ৰীৰ বিজয়ত ছাত্ৰ সমাজৰ লগতে বিভিন্ন দল-সংগঠনে আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছে। উল্লেখ্য যে নেহা ছেত্ৰী কলেজৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৰি ছেত্ৰীৰ তনয়া।

Related Articles