পিতৃৰ স্মৃতিত শ্ৰীমন্ত শংকৰ মিশ্যনলৈ এক লাখ টকাৰ অৰ্থ সাহাৰ্য অৱসৰী অধ্যাপকৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথমটো স্বেচ্ছাসেৱী মানৱ সেৱা অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনলৈ এক লাখ টকা অৰ্থ সাহাৰ্য আগবঢ়াইছে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকাই। নগাঁও চহৰৰ পানীগাঁও চাৰিআলি স্থিত শ্ৰীমন্ত শংকৰ মিশ্যনৰ মূল কাৰ্যালয় সভাকক্ষত আজি বিয়লি মিশ্যনৰ সভাপতি গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত জৰুৰী কাৰ্যনিবাহ সভাত মোহিনী মোহন ডেকাই এক লাখ টকাৰ এখন চেক স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সভাপতি গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ হাতত অৰ্পন কৰে ।উল্লেখ্য যে অৱসৰপ্ৰাপ্ত অধ্যাপক ডেকাই তেওঁৰ প্ৰয়াত পিতৃ ইন্দ্ৰমোহন ডেকাৰ স্মৃতিত শ্ৰীমন্ত শংকৰ মিশ্যনৰ উন্নয়ন মূলক কামকাজত সহায় হোৱাকৈ এই ধনৰাশি আগবঢ়োৱা বুলি জানিবলৈ দিয়ে ।

চেক অৰ্পন অনুষ্ঠানত ডেকাৰ সহধৰ্মিণী নিশামনি ডেকাৰ লগতে শ্ৰীমন্ত শংকৰ মিছনৰ উপ সভাপতি ড০ ধৰ্মেশ্বৰ গোস্বামী আৰু ডা: কৃষ্ণ কুমাৰ বৰা, সাধাৰণ সম্পাদক পৰাণ কুমাৰ মহন্ত, যুটীয়া সম্পাদকদ্বয় প্ৰদীপ কুমাৰ শইকীয়া আৰু জিতেন শৰ্মা, কোষাধ্যক্ষ দুৰ্গা ৰাজকুমাৰ সহ অন্যান্য বিষয়ববীয়া আৰু কাৰ্যনিবাহ সদস্য সকল উপস্থিত থাকে ।প্ৰয়াত শিক্ষক পিতৃৰ স্মৃতিত এক লাখ টকা শ্ৰীমন্ত শংকৰ মিশ্যনৰ পূঁজিলৈ আগবঢ়োৱাত মিশ্যনৰ সভাপতি গিৰীন্দ্ৰ কুমাৰ বৰুৱাই মোহিনী মোহন ডেকাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

আনহাতে পিতৃৰ স্মৃতিত আগবঢ়োৱা ধনৰাশি শ্ৰীমন্ত শংকৰ মিছনৰ দৰে মানৱ সেৱা অনুষ্ঠানক অৰ্পন কৰিবলৈ পাই যথেষ্ট সন্তুষ্টি লাভ কৰা বুলি উল্লেখ কৰি ডেকাই এই ধনৰাশি প্ৰকৃত স্থানত সদব্যৱহাৰ হ’ব বুলি আশা প্ৰকাশ কৰে । আনহাতে আজি বিয়লি শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাকক্ষত মিশ্যনৰ সভাপতি গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এখন জৰুৰী কাৰ্যনিবাহ সভাত মিশ্যন চৌহদত নিৰ্মাণৰত বাণিজ্যিক প্রতিষ্ঠান গৃহ সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে অহা ২৪ অক্টোবৰত বৰ্তমানৰ সমিতিখনৰ বাৰ্ষিক সাধাৰণ সভাৰ দিন স্থিৰ কৰা হয়।

Related Articles