নাজিৰাত পৌৰ চাফাই কৰ্মীৰ অনিৰ্দিষ্টকাললৈ কৰ্ম বিৰতিঃ প্ৰতিবাদী কাৰ্যসূচীত বীৰ লাচিত সেনা , অসমৰ পূৰ্ণ সমৰ্থন

১৯০২ চনতে প্ৰতিষ্ঠা হোৱা নাজিৰা নগৰ খন পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে কৰ্তব্য পালন কৰি আহিছে চাফাই তথা হৰিজন কৰ্মী সকলে। বৰ্তমানৰ নাজিৰা পৌৰসভাত ৪২ জন চাফাই কৰ্মীয়ে ১৯৯৯ চনৰে পৰা তেওঁ লোকৰ পদবী নিয়মীয়াকৰণৰ দাবী জনাই আহিছে।

এই দাবী জনাই বিভিন্ন সময়ত চাফাই কৰ্মী সকলে বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আবেদন – নিবেদন জনাই অহাৰ পিছতো পৌৰ কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। যাৰ বাবে আজিৰ পৰা নাজিৰা নগৰৰ কেন্দ্ৰীয় বজাৰ প্ৰাংগণত অনিৰ্দিষ্ট কাললৈ কৰ্ম বিৰতিৰে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে।

নাজিৰা পৌৰসভাৰ চাফাই কৰ্মী সকলৰ পদবী নিয়মীয়াকৰণৰ নকৰা পৰ্যন্ত এই কৰ্ম বিৰতি কাৰ্যসূচী অব্যাহত ৰাখিব বুলি প্ৰতিবাদকাৰী সকলে সকীয়াই দিয়ে।

Related Articles