চৰকাৰী কাৰ্যসূচীলৈ অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালেৰ সৈতে আজি গুৱাহাটীৰ কইনাধাৰাত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু মুখ্য উপদেষ্টা পৱিত্ৰ হাজৰিকাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী তথা কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত অসমৰ অনুসূচিত জাতিৰ লোকসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন গুৰুতৰ সমস্যা আৰু বঞ্চনাক লৈ দীঘলীয়া আলোচনাত মিলিত হয়। আলোচনাত ৰাজ্যখনৰ অনুসূচিত জাতিৰ সাংবিধানিক সুৰক্ষা, ভুৱা জাতিগত প্ৰমাণপত্ৰৰ চাকৰি লোৱা, ভূমি আৰু নিয়োগৰ অধিকাৰক লৈ বিস্তৃত স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে অনুসূচিত জাতিৰ সৰ্বাংগীণ বিকাশৰ অৰ্থে ৪০০ কোটি টকাৰ বিশেষ আৰ্থিক সাহায্য দাবী কৰি সুকীয়াকৈ আন এখন স্মাৰকপত্ৰও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৰ্পণ কৰে সংগঠনটোৱে।
স্মাৰকপত্ৰখনত ৰাজ্যত প্ৰৱৰ্তন কৰা ‘মিছন ভূমিপুত্ৰ’ ডিজিটেল ব্যৱস্থাৰ জৰিয়তে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত দেখা দিয়া বিসংগতিৰ বিষয়ে বিস্তৃত তথ্য দাঙি ধৰা হয়। সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে অভিযোগ কৰে যে বৰ্তমানৰ প্ৰমাণপত্ৰ প্ৰদান প্ৰক্ৰিয়াত কঠোৰ নথি পৰীক্ষণ নোহোৱাকৈ কেৱল পিতৃৰ প্ৰমাণপত্ৰৰ ভিত্তিত প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ যাৰ বাবে বহু অনা-অনুসূচিত জাতিৰ লোকে ভুৱা নথিপত্ৰৰে প্ৰকৃত অনুসূচিত জাতিৰ পৰা সংৰক্ষণৰ সুবিধা কাঢ়ি লৈছে। এই ব্যৱস্থা বন্ধ কৰিবলৈ কেৱল সাম্প্ৰতিক প্ৰমাণপত্ৰৰ ওপৰত নিৰ্ভৰ নকৰি পূৰ্বপুৰুষৰ পুৰণি ভূমি-নথি, বিদ্যালয়ৰ নথি, ভোটাৰ তালিকা, ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্য, ১৯৬১ আৰু ১৯৭১ চনৰ জাতিভিত্তিক লোকপিয়লৰ তথ্য তথা বংশবৃক্ষ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিবলৈ দাবী জনাই। লগতে ইতিমধ্যে জাৰি কৰা সন্দেহজনক জাতিগত প্ৰমাণপত্ৰসমূহ জিলা পৰ্যায়ত পুনৰীক্ষণ কৰা আৰু ৰাজ্যিক পৰ্যায়ৰ উচ্চস্তৰীয় পুনৰীক্ষণ সমিতিৰ দ্বাৰা সত্যতা নিৰূপণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক নিৰ্দেশ দিবলৈ দাবী জনায়। একেদৰে ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চৰকাৰী চাকৰি আৰু উচ্চশিক্ষাত নামভৰ্তিৰ সংৰক্ষিত সুবিধা গ্ৰহণ কৰা ব্যক্তিসকলক চিনাক্ত কৰিবলৈ বিশেষ অভিযান তথা ন্যায়িক আৰু কেন্দ্ৰীয় তদন্ত ঘোষণা কৰিবলৈও কয় সঞ্জীৱ দাসে৷
স্মাৰকপত্ৰখনত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনস্থ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ বিভিন্ন আঁচনি ৰূপায়ণত সংঘটিত হোৱা ব্যাপক বিত্তীয় কেলেংকাৰীৰ তথ্যও তথ্যসহকাৰে উত্থাপন কৰে দাসে। বিশেষকৈ ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত অনুসূচিত জাতিৰ হিতাধিকাৰীৰ বাবে আৱণ্টিত পুঁজিৰে টিভি, পাকঘৰৰ সামগ্ৰী, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ আৰু প্লাষ্টিকৰ সামগ্ৰী বিতৰণৰ নামত বৃহৎ পৰিমাণৰ চৰকাৰী ধন লুণ্ঠন হোৱাৰ গুৰুতৰ অভিযোগৰ কথাও মন্ত্ৰীগৰাকীৰ সন্মুখত স্থাপন কৰে। সামগ্ৰীসমূহৰ নিকৃষ্ট মান, অস্বাভাৱিক ক্ৰয়মূল্য, নিবিদা প্ৰক্ৰিয়াৰ খেলিমেলি, ভুৱা হিতাধিকাৰী নিৰ্বাচন আৰু ভুৱা বিল-ভাউচাৰৰ জৰিয়তে একাংশ বিষয়া আৰু ঠিকাদাৰে কোটি কোটি টকা আত্মসাত কৰাৰ অভিযোগ তুলি সংগঠনটোৱে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত এক স্বতন্ত্ৰ তদন্ত দাবী কৰে। ইয়াৰ উপৰিও ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাগাণনিক (কেগ) দ্বাৰা এই আঁচনিসমূহৰ বিস্তৃত বিত্তীয় আৰু ক্ষেত্ৰভিত্তিক নিৰীক্ষণ সম্পন্ন কৰি নিবিদা, ক্ৰয়মূল্য আৰু প্ৰকৃত হিতাধিকাৰীৰ তালিকা ৰাজহুৱা কৰাৰ আহ্বান জনায়।
সংবিধানৰ অনুচ্ছেদ ৩৪১ ৰ উলংঘন কৰি ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত অসমৰ কেওঁট সম্প্ৰদায়ৰ দৰে নতুন জনগোষ্ঠীক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ যিকোনো প্ৰচেষ্টাক স্মাৰকপত্ৰৰ জৰিয়তে তীব্ৰ বিৰোধিতা কৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ সংগঠনটোৱে স্পষ্ট কৰি দিছে যে অনুসূচিত জাতিৰ তালিকাত কোনো সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ ক্ষমতা ৰাজ্য চৰকাৰৰ আওতাভুক্ত নহয়। সেয়েহে কোনো সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ পূৰ্বে স্বাধীন আৰু বৈজ্ঞানিক নৃতাত্ত্বিক, সামাজিক আৰু ঐতিহাসিক অধ্যয়ন অবিহনে কোনো পদক্ষেপ নলবলৈ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়া হয়, যাতে ৰাজ্যৰ প্ৰকৃত অনুসূচিত জাতিৰ অধিকাৰ খৰ্ব নহয়।
চৰকাৰী নিয়োগৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ থকা হাজাৰ হাজাৰ খালী বেকলগ পদ চিনাক্ত কৰি বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে তাৎক্ষণিকভাৱে পূৰণ কৰা আৰু সংবিধান প্ৰদত্ত নীতি অনুসৰি অনুসূচিত জাতিৰ বিষয়া-কৰ্মচাৰীসকলৰ পদোন্নতি সুনিশ্চিত কৰিবলৈ স্মাৰকপত্ৰ যোগে দাবী জনায় অনুসূচিত জাতিৰ সংগঠনটোৱে। তদুপৰি অনুসূচিত জাতিৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক বিকাশৰ কেন্দ্ৰ হিচাপে অসমৰ প্ৰতিখন জিলাতে একোটাকৈ ড০ বি. আৰ. আম্বেদকাৰ ভৱন নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক অনুদান আৰু নীতিগত নিৰ্দেশনা প্ৰদানৰ আহ্বান জনায়।
ৰাজ্যখনৰ ভূমিহীন অনুসূচিত জাতিৰ পৰিয়ালসমূহৰ সুৰক্ষাৰ স্বাৰ্থত জিলাভিত্তিক জৰীপ চলাই উপযুক্ত চৰকাৰী ভূমি আৱণ্টন দি বিশেষ অভিযানৰ জৰিয়তে চৰকাৰী ম্যাদী পট্টা প্ৰদান কৰাৰ দাবীও স্মাৰকপত্ৰখনত গুৰুত্বসহকাৰে সন্নিৱিষ্ট কৰে সংগঠনটোৱে। সমান্তৰালকৈ ঐতিহাসিকভাৱে অৱহেলিত চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ, জীৱন আৰু স্বাস্থ্যবীমা, উন্নত বাসস্থান আৰু নিৰাপদ কৰ্মপৰিৱেশ নিশ্চিত কৰিবলৈ দাবী জনায়। বিশেষকৈ বিপজ্জনক টেংক আৰু নলা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত হাতৰ পৰিৱৰ্তে ১০০ শতাংশ আধুনিক যান্ত্ৰিক ব্যৱস্থা বাধ্যতামূলক কৰা আৰু তেওঁলোকৰ সন্তানসকলৰ বাবে বিশেষ শিক্ষা আৰু দক্ষতা বিকাশৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
স্মাৰকপত্ৰখনত ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ শৈক্ষিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰতিখন জিলাতে সুকীয়া অনুসূচিত জাতি ছাত্ৰাবাস নিৰ্মাণ, কাৰিকৰী শিক্ষা, কেন্দ্ৰীয় জলপানি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ দাবী জনায়। অনুসূচিত জাতিৰ নতুন উদ্যোগীসকলৰ বাবে সুকীয়া উদ্যোগ কোষ গঠন কৰি সহজ বেংক ঋণ আৰু বজাৰ সংযোগ সুনিশ্চিত কৰাৰ লগতে অনুসূচিত জাতিৰ বাবে পৃথক বাজেট, সামাজিক পৰীক্ষণ আৰু সমগ্ৰ ব্যৱস্থাৰ তদাৰক কৰিবলৈ কেন্দ্ৰীয় পৰ্যায়ত এক বিশেষ পৰ্যবেক্ষণ ব্যৱস্থা গঠনৰ আহ্বান জনায়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালেয়ে স্মাৰকপত্ৰখনৰ প্ৰতিটো বিষয় গভীৰ মনোযোগেৰে গ্ৰহণ কৰে আৰু ভুৱা প্ৰমাণপত্ৰৰ প্ৰতিৰোধকে ধৰি উত্থাপিত দুৰ্নীতি আৰু সাংবিধানিক দাবীসমূহ কেন্দ্ৰীয় মন্ত্ৰ্যালয় আৰু অসম চৰকাৰৰ সৈতে আলোচনা কৰি ফলপ্ৰসূ ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে বুলি সঞ্জীৱ দাসে জানিবলৈ দিয়ে।
ইপিনে, দ্বিতীয়খন স্মাৰকপত্ৰৰ জৰিয়তে অসমৰ অনুসূচিত জাতিৰ সৰ্বাংগীণ সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা মুঠ ৪০০ কোটি টকাৰ এক বিশেষ অনুদানৰ দাবী উত্থাপন কৰা হয়। এই প্ৰস্তাৱিত পুঁজিৰ অধীনত অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ আৰু সংস্থাপন প্ৰকল্পৰ বাবে ৫০ কোটি টকা, ক্ষুদ্ৰ উদ্যোগ, পশুপালন, কৃষি আৰু বাণিজ্যৰ দ্বাৰা জীৱিকা সৃষ্টিৰ বাবে ১০০ কোটি টকা, মহিলা আত্মসহায়ক গোট আৰু স্বাৱলম্বনৰ বাবে ৫০ কোটি টকা, ছাত্ৰ-ছাত্ৰীৰ বাবে জিলাসমূহত সুকীয়া ছাত্ৰাবাস নিৰ্মাণ আৰু পুথিভঁৰালকে ধৰি শিক্ষামূলক আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০০ কোটি টকা আৰু অনুসূচিত জাতি অধ্যুষিত অঞ্চলসমূহত বহুমুখী সম্প্ৰদায়িক কেন্দ্ৰ তথা আন্তঃগাঁথনি বিকাশৰ বাবে ১০০ কোটি টকা আৱণ্টন দিবলৈ অনুৰোধ জনায়।

