বৰক্ষেত্ৰীৰ জাগাৰাত দেৱালত জুবিন গাৰ্গৰ ছবি অংকন মানস জ্যোতি বেজবৰুৱা নামৰ এজন ছাত্ৰৰ

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ জাগাৰাত স্নাতক তৃতীয় ষান্মাসিকত অধ্যয়নৰত মানস জ্যোতি বেজবৰুৱা নামৰ এজন ছাত্ৰই দেৱালত জুবিন গাৰ্গৰ ছবি আঁকি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অঞ্চলটোত সন্ধিয়া হ’লে ব্যৱসায়ী হিচাপে পৰিচিত আৰু দিনত ৰং মিস্ত্ৰী হিচাপে কৰ্মৰত মনোজ ডেকাৰ দোকানৰ দেৱালত অংকন কৰা হৈছে এই ছবিখন। প্ৰথমে অঞ্চলটোৰ প্ৰাঞ্জল নামৰ এজন ডেকা ব্যৱসায়ী যুৱকে মনোজৰ দোকানৰ দেৱালত জুবিন গাৰ্গৰ ছবি আঁকিবলৈ পৰামৰ্শ আগবঢ়াইছিল।

পিছত মনোজ ডেকাৰ স্নাতক অধ্যয়নৰত পুত্ৰ অয়নজ্যোতি কাশ্যপৰ অনুৰোধত তেওঁৰ বন্ধু মানস জ্যোতি বেজবৰুৱাই ছবিখন আঁকি দিয়ে। উল্লেখ্য যে জুবিন গাৰ্গৰ ছবি অঁকা মানস জ্যোতি বেজবৰুৱা নামৰ ছাত্ৰজন হৈছে জাগাৰা সত্ৰ চুবুৰীৰ ক্ষুদ্ৰ ব্যৱসায়ী সুৰেশ বেজবৰুৱা আৰু বিউটি বেজবৰুৱাৰ কনিষ্ঠ পুত্ৰ। তেওঁ জাগাৰা উত্তৰ কামপীঠ মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ। ছাত্ৰজনে জনোৱা অনুসৰি, জুবিন গাৰ্গৰ মৃত্যু বাৰ্ষিকীৰ দিনাখন আৰম্ভ কৰা এই ছবিখন বৰষুণৰ বাবে সিদিনা সম্পূৰ্ণ কৰিবলৈ সক্ষম নোহোৱাত পিছত এই কাম সম্পূৰ্ণ কৰিবলৈ মানসক ৫/৬ দিন সময়ৰ প্ৰয়োজন হৈছিল।

উল্লেখ্য যে ছাত্ৰজনে সৰু কালতে তেওঁৰ পেহীয়েকৰ ল’ৰা কিশোৰ নামৰ এজন যুৱকৰ পৰা আৰ্টৰ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। পিছত নিজৰ একান্ত সাধনা আৰু চেষ্টাৰে ৱাল পেইণ্টিং আৰু স্ক্ৰাটচ্ৰ কাম কৰাৰ উপৰিও যিকোনো প্ৰজেক্ট আৰু ক্ৰাফটৰো কাম কৰে মানস জ্যোতি বেজবৰুৱা নামৰ এই ছাত্ৰজনে। অধ্যয়নৰত ছাত্ৰজনৰ এই প্ৰচেষ্টাক অঞ্চলটোৰ সকলোৱে একেমুখে প্ৰশংসা কৰিছে। উক্ত দেৱাল ছবিখন আজি অনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী উষাৰাণী ডেকাই।

অনুষ্ঠানটোত বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী তথা জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ সদস্য গীতা ডেকা, জ্যেষ্ঠ সাংবাদিক শৈলেন্দ্ৰ নাৰায়ণ গোস্বামী, আজিজ আলী, বৰক্ষেত্ৰী কবি সন্মিলনৰ সম্পাদক তথা শিক্ষক পিংকু মণি ৰায় চৌধুৰী,ধনজিত বৈশ্য, বিদিশা ডেকা,যোগেশ বৰুৱা, মৃণাল ডেকা প্ৰমুখ্যে ভালেমান বিশিষ্ট লোক উপস্থিত থাকে। জুবিন গাৰ্গৰ স্মৃতিত চাকি-বন্তি জ্বলাই গভীৰ শ্ৰদ্ধাঞ্জলি জনাই অঞ্চলটোৰ একাংশ ছাত্ৰ-ছাত্ৰী তথা সমাজ সচেতন লোকে।

Related Articles