দেশৰ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সময়ৰ দূৰন্ত গতিত সকলোৰে চিনাকি বয়-বস্তু তথা সা-সামগ্ৰীবোৰ এপদ এপদকৈ সমাজখনৰ পৰা যেন নাইকীয়া যাবলৈ ধৰিছে।একেসময়তে সকলোৰে চিনাকি কান্ধত দীঘল মোনা এখন ওলোমাই ঘৰে ঘৰে চিঠি বিলাই ফুৰা ডাকঘৰৰ ডাকোৱাল ,ডাকঘৰৰ আগত খুঁটা- বেৰত ওলোমাই থোৱা ৰঙা ৰঙৰ চিঠি সোমাই থোৱা পোষ্ট বাকচ আদিও দেখিবলৈ নাইকীয়া হৈ পৰিছে।আগতে মানুহে আত্মীয় স্বজন, বন্ধু-বান্ধৱ আদিলৈ ডেকাৰ পৰা বুঢ়ালৈ ডাকঘৰত চিঠি পঠিয়াই খা-খবৰ লৈছিল।যাৰ বাবে সেইসময়ত ডাকঘৰটোৰ লগত মানুহৰ আত্মীয়তা গঢ়ি উঠিছিল।আনহাতে আজিৰ পৰা প্ৰায় এক-ডেৰদশক আগতে সমাজখনত বহুল ভাবে প্ৰচলন আছিল পোষ্টকাৰ্ড,ইনলেণ্ড কাৰ্ড,লেফাফা আদিৰ। কিন্তু আশ্বৰ্যজনক ভাবে খা-খবৰ লিখি ডাকঘৰলৈ গৈ চিঠিৰ বাকচত সোমাই থৈ অহা পৰিৱেশ আজিৰ সময়ত কতোই দেখা পোৱা নাযায়।এই সমূহ চিনাকি ছবিক যেন আধুনিক বিজ্ঞানৰ প্ৰভাৱে নাইকীয়া কৰি পেলালে।ডাকঘৰত আজি পোষ্টকাৰ্ড, ইনলেণ্ড কাৰ্ড, ডাক টিকট পাবলৈ নাই।চিঠি সোমাই থৈ আহিবলৈ চিঠিৰ বাকচো নাইকীয়া হৈ পৰিল।আজি দেশৰ ভিতৰতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত থকা জনৰ লগতো এক চেকেণ্ড, এক মিনিটতে প্ৰতিচ্ছবি সন্মুখত লৈ কথা-বতৰা পাতিব পাৰি। স্পীড পোষ্টৰ জৰিয়তে বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ, সা-সামগ্ৰীও অতি কম সময়ৰ ভিতৰতে ঘৰতে পাব পাৰি। য’ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদান ইন্টাৰনেটৰ বাবে সম্ভৱ হৈ পৰিছে।আগতে ডাকঘৰলৈ গৈ বাৰাণ্ডাত পাৰি থৈ দিয়া ডেক্সত বহি ডাকঘৰৰ পৰা ৫০ পইচা মূল্যৰ পোষ্টকাৰ্ড, ৭৫ পইচা মূল্যৰ ইনলেণ্ড কাৰ্ড কিনি ডেক্সত বহি মুকলি ভাবে প্ৰিয়জনলৈ চিঠি লিখা পৰিৱেশ আজি নাই।যিবোৰ আজি ম’বাইলৰ জৰিয়তে সকলো কৰিব পৰা হ’ল।যাৰ বাবে সকলোৰে এক চিনাকি চৰিত্ৰ ডাকোৱালে কান্ধত ৰঙা মোনা ওলোমাই ঘৰে ঘৰে খবৰ চিঠি বিলাই ফুৰা চৰিত্ৰও নষ্টালজিয়া হৈ পৰিল।ঘৰৰ পাট গাভৰু সকলে প্ৰিয় জনৰ চিঠিৰ আশাত নঙলামুখত থিয় হৈ চিনাকি ডাকোৱালৰ অপেক্ষাত ৰৈ থকা দৃশ্যও আজি দেখিবলৈ নাই।যিবোৰ চিনাকি নান্দনিক দৃশ্যক যেন আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই গিলি পেলালে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…