কণ্ঠশিল্পী মৰমী শৰ্মাৰ নতুন গান ‘ভালপোৱা কাহিনী’ মুকলি

অসমৰ সংগীত জগতত নতুন সংযোজন ‘ভালপোৱা কাহিনী’ শীৰ্ষক এটি নতুন গীত অসমৰ সংগীত জগতলৈ নৱ প্ৰজন্মৰ কণ্ঠশিল্পী মৰমী শৰ্মাৰ নতুন উপহাৰ। গুৱাহাটী প্ৰেছ ক্লাৱত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয় মৰমী শৰ্মাৰ নতুন আধুনিক গীত ‘ভালপোৱা কাহিনী’।

শ্ৰুতিমধুৰ এই গীতটো কেৱল অডিঅ’ ৰূপতে নহয়, দৃশ্য-শ্ৰাব্য মাধ্যমতো নিৰ্মাণ কৰা হৈছে। নতুন প্ৰজন্মৰ সংগীতপ্ৰেমীৰ মাজত গীতটোৱে বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
‘ভালপোৱা কাহিনী’ গীতটোৰ সুৰ সংযোজন কৰিছে মৰমী শৰ্মা আৰু বুলদ্বীপ নাথে, আনহাতে গীতৰ কথা লিখিছে অলক নাথে।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ সংগীত জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বিশিষ্ট শিল্পী মনীষা হাজৰিকা, ডাঃ অঞ্জন জ্যোতি চৌধুৰী আৰু বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পী ৰাজা বৰুৱা, বিশিষ্ট লেখিকা ড° সীমা কাশ্যপকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আনুষ্ঠানিকভাৱে গীতটো উন্মোচন কৰে। আনহাতে, অনুষ্ঠানটোৰ উদ্দেশ্য আৰু আয়োজনৰ বিষয়ে ব্যাখ্যা কৰে জনসংযোগ বিভাগৰ চন্দন শইকীয়াই।

Related Articles