AIৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ভুৱা ফটো প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ দুষ্টচক্ৰৰ। ইতিমধ্যে চিনাক্ত কৰা হৈছে এই কাৰ্যৰ সৈতে জড়িত থকাসকলক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন ফটো সামাজিক মাধ্যমত যথেষ্ট চৰ্চাত আছিল। আচলতে এই ফটোখন আছিল ভুৱা। কোনো দুষ্টচক্ৰই AIৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ভুৱা ফটোখন প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ চলাইছিল। আজি এই সন্দৰ্ভত CMO পেজে স্পটীকৰণ দি জনাই যে-
‘সামাজিক মাধ্যমত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এখন ভুৱা ফটো ব্যাপকভাৱে প্ৰচাৰ হৈ থকাটো মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দৃষ্টিগোচৰ হৈছে। এগৰাকী নাৰীৰ সৈতে থকা উক্ত ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা সম্পূৰ্ণৰূপে ভুৱা আৰু বিকৃত (মৰ্ফড) ফটো। উদ্দেশ্যপ্ৰণোদিতভাৱে এনে ভুৱা ছবি প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত মাননীয় মুখ্যমন্ত্ৰীৰ ভাবমূৰ্তি ম্লান কৰা আৰু বিভ্ৰান্তি সৃষ্টি কৰাৰ অপচেষ্টা চলোৱা হৈছে।
এই ঘটনাটিক গুৰুত্বসহকাৰে গ্ৰহণ কৰি ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু ভুৱা ছবি প্ৰস্তুত তথা প্ৰচাৰৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
জনসাধাৰণক এনে ভুৱা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰত ভোল নাযাবলৈ আৰু সামাজিক মাধ্যমত কোনো তথ্য শ্বেয়াৰ কৰাৰ পূৰ্বে তাৰ সত্যতা নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হ’ল’

