কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত বিষয়ববীয়াৰ শপত গ্ৰহণঃ শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত বিশ্ববিদ্যালয় পৰিয়ালক উপাচাৰ্যৰ অভিনন্দন

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা (CUSU)ৰ ২০২৬-২৭ বৰ্ষৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। পুৱা ১০ বজাত বিশ্ববিদ্যালয়ৰ কালাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (KBR) প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৱনিৰ্বাচিত ছাত্ৰ প্ৰতিনিধিসকলে শপত গ্ৰহণ কৰে।


কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) ড° হীৰেণ ডেকাই নৱনিৰ্বাচিত বিষয়ববীয়াসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) ড° হীৰেণ ডেকা, ছাত্ৰ কল্যাণৰ ডীন অধ্যাপক ঈশান কলিতা আৰু ছাত্ৰ কল্যাণৰ সঞ্চালক ড° গুণেন্দ্ৰ চন্দ্ৰ দাস উপস্থিত থাকে অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কটন বিশ্ববিদ্যালয়ত এইবাৰৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ নিৰ্বাচন পৰিচালনা সমিতিৰ সদস্যসকল, ছাত্ৰ-ছাত্ৰী তথা নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

উপাচাৰ্যগৰাকীয়ে কয় যে কটন বিশ্ববিদ্যালয়ত এইবাৰৰ নিৰ্বাচন অতি শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ উন্নয়ন আৰু অগ্ৰগতিৰ বাবে নৱনিৰ্বাচিত ছাত্ৰ প্ৰতিনিধিসকলৰ সৈতে সকলোৱে একেলগে কাম কৰাৰ আহ্বান জনাই তেওঁ নৱনিৰ্বাচিত বিষয়ববীয়াসকলক শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানটো CUSU ২০২৬-২৭ নিৰ্বাচন পৰিচালনা সমিতিৰ ৰিটাৰ্ণিং বিষয়া অধ্যাপক হিতেন চৌধুৰীয়ে পৰিচালনা কৰে। নৱনিৰ্বাচিত CUSUৰ সভাপতি হৰি প্ৰসাদ চেতিয়াই ছাত্ৰ সমাজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে নতুন সমিতিখনে ছাত্ৰ-ছাত্ৰীৰ কল্যাণ আৰু বিশ্ববিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰিব। ছাত্ৰ সমাজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰয়োজনত দৃঢ়ভাৱে মাত মাতি বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিও তেওঁ ব্যক্ত কৰে।

ইফালে, নৱনিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল ডেকাই আগন্তুক শিক্ষাবৰ্ষত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা আৰু দাবী-দাবাৰ ক্ষেত্ৰত নতুন সমিতিখনে সক্ৰিয়ভাৱে কাম কৰাৰ কথা উল্লেখ কৰে। ছাত্ৰ সমাজৰ সমস্যা আৰু উদ্বেগসমূহৰ ক্ষেত্ৰত নতুন বিষয়ববীয়াসকলে ঐক্যবদ্ধভাৱে দৃঢ়তাৰে থিয় দিয়াৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। অনুষ্ঠানৰ শেষত সহকাৰী ৰিটাৰ্ণিং বিষয়া ড° কুকিল কল্প ৰাজখোৱাই ধন্যবাদ জ্ঞাপন কৰে। শপত গ্ৰহণ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, বিষয়া-কৰ্মচাৰী আৰু বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। নতুন CUSU সমিতিয়ে ছাত্ৰ সমাজৰ কল্যাণৰ লগতে কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক, সাংস্কৃতিক আৰু সামগ্ৰিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

Related Articles