মঙলদৈত পদ্মশ্ৰী পখিলা লেকথেপিক ছহিদ মোজাম্মিল হক মাতৃভাষা বটাঁ প্ৰদানঃ জুবিন আৰু ছহিদ মোজাম্মিলক সুঁৱৰি কান্দোনত ভাগি পৰিল পখিলা

কাৰ্বি আংলঙৰ এগৰাকী সাংবাদিকৰ জৰিয়তে মোৰ প্ৰথম পৰিচয় হৈছিল জুবিনৰে। জুবিনে মোক দেখা পাইয়েই কৈছিল, ‘আপোনাৰ লোক-সংগীত মই শুনো। বৰ ভাল গায়। আপুনি মোক লোক সংগীতৰ সুৰ আৰু গীতৰ আঁৰৰ কথাবোৰ শিকাই দিয়ক।’ মোক সেইদিনাই কৈছিল, ‘আপোনাৰ লোক সুৰীয়া গীতৰ এটা এলবাম কৰিম। আপুনি সাজু কৰক।’ বাইদেউ হিচাবে সেইদিনাই মোক গ্ৰহণ কৰিছিল। পাছলৈ কেবাটাও গীত বাণীৱদ্ধ হল। আজিও মই বাৰে বাৰে ক’ম, জুবিনৰ বাবেই মোক অসমৰ ৰাইজে চিনি পালে। পিছে, আজি অসম আছে কিন্তু জুবিন নাই। ইমান বহল অন্তৰ, মৰমিয়াল যুৱক মই আজিলৈ লগ পোৱা নাই আৰু জীৱনত নাপামো। তেওঁক মই মানুহৰ মাজত বিচাৰি ফুৰিছোঁ।

সোমবাৰে মঙলদৈত ছহিদ মোজাম্মিল হক ভৱন ক্ষেত্ৰত আয়োজিত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত উনবিংশ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ প্ৰথম দিনৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত মুকলি সভাত মাতৃভাষা বটাঁ-২০২৬ গ্ৰহণ কৰি এইদৰেই চকু সেমেকাই তুলিলে কাৰ্বি লোক সংগীতৰ শিল্পী তথা পদ্মশ্ৰী পখিলা লেকথেপিয়ে। অত্যন্ত সাধাৰণভাৱেই জীৱন আৰু জীৱনৰ বহু অভিজ্ঞতা বৰ্ণাই বক্তৃতা প্ৰদানৰ সময়ত আৰু বক্তৃতাৰ পূৰ্বে মঞ্চত হুক-হুকাই কান্দি উঠা শিল্পী গৰাকীয়ে সামৰণিত কয়, আজিৰ দিনটোত জুবিন আৰু ছহিদ মোজাম্মিল হকে দূৰৈৰ পৰাই চাই আছে। আমাৰ মাজত চিৰদিন থাকিব এনেকৈয়ে। উল্লেখ্য যে, ৭২ৰ মাধ্যম আন্দোলনত অংশ ল’বলৈ গৈ খাৰুপেটীয়াত একাংশ উন্মত্ত লোকৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন অৱস্হাতে ১৯৭২ চনৰ ৬ অক্টোবৰত ছহিদ বৰণ কৰিছিল মঙলদৈৰ ১৪ বছৰীয়া কিশোৰ মোজাম্মিল হকে।

ছহিদ গৰাকীৰ স্মৃতিত ২০০৮ চনৰে পৰা এই দিনটো মঙলদৈত মাতৃভাষা দিৱস হিচাবে পালন কৰি অহা হৈছে। সদৌ অসম গৰিয়া-মৰিয়া-দেশী-জাতীয় পৰিষদৰ উদ্যোগত ২০২৩ চনত সংযোজন কৰা হয় মাতভাষা বটাঁ। ইতিমধ্যে কবি, সাহিত্যিক ডঃ নগেন শইকীয়া, কথা শিল্পী ইমৰাণ শ্বাহ আৰু শিল্পী জুবিন গাৰ্গলৈ এই বটাঁ মৰণোত্তৰভাৱে সংগঠনটোৱে আগবঢ়ায়। চলিতবৰ্ষৰ বাবে কাৰ্বি লোক সংগীতৰ শিল্পী পখিলা লেপথেপিক কাৰ্বি লোক সঙ্গীত , কাৰ্বি আধুনিক সংগীতৰ জৰিয়তে কাৰ্বি মাতৃভাষাক উজ্জীৱিত কৰাৰ লগতে কাৰ্বি -অসমীয়া ভাষা – সংস্কৃতিৰ মাজত সমন্বয়ৰ সেঁতু নিৰ্মাণ কৰাৰ বাবে তেওঁলৈ মাতৃভাষা বঁটা আগবঢ়োৱা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।। বটাঁ গ্ৰহণ কৰি আবেগিক হৈ উঠা শিল্পী গৰাকীক বাৰে বাৰে সান্ত্বনা দিবলগীয়া হয় মাতৃভাষা দিৱস উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী নীলিমা দেৱীয়ে। পাছলৈ ভাষণ প্ৰসংগত শিল্পী গৰাকীয়ে কয় যে, কাৰ্বি পাহাৰৰ এক দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম। তেওঁ শৈশৱ কালত মাতৃয়ে ভূই ৰুই থাকোতেই কাৰ্বি গীতৰ কলি সমূহ আওঁৰাইছিল। মাতৃয়ে পথাৰৰ ওখ ঠাইত কিশোৰী পখিলাক বহুৱাই গান গাব দি পথাৰত ভূইয়ো ৰুইছিল আৰু গানো শুনিছিল।

তেনেকৈয়ে জীৱন আগবাঢ়িছিল। কিন্তু, জুবিনে কাৰ্বি পাহাৰৰ এগৰাকী সাংবাদিক লংচিং টেৰঙৰ জৰিয়তে মাতি পঠায় আৰু গান বাণীৱদ্ধ কৰিব সুবিধা দিয়ে। জুবিনৰ সৈতে কেবাটাও লোক সংগীত পৰিৱেশনৰ পাছত অসমৰ ৰাইজে তেওঁক চিনি পায় আৰু জীৱনত সলনি হয় দিশ। জুবিনে যেতিয়াই কাৰ্বি আংলঙত গীত গাবলৈ গৈছিল তেতিয়াই বিচাৰিছিল তেওঁক মঞ্চত। আনকি পখিলা বাইদেউক কিয় মতা নাই বুলি আয়োজক সকলক গালিও দিছিল। মুঠতে সাগৰৰ দৰে বহল হৃদয়ৰ জুবিনৰ বাবেই তেওঁক ৰাইজে শিল্পী হিচাবে আজি পৰিচয় দিছে। ইপিনে, শিল্পী গৰাকীক বটাঁ প্ৰদান অনুষ্ঠানত কেবাখনো গ্ৰন্থৰ ৰচয়িতা, বিশিষ্ট বুদ্ধিজীৱি তথা দৰঙৰ সন্তান মুকুট শৰ্মাই তত্বগধূৰ ভাষণ আগবঢ়ায়। তেওঁ ভাষণ প্ৰসংগত অসমৰ থলুৱা গৰিয়া সকলক আজি সকলোৱে মুছলমান বুলি ক’বলৈ ভালপায়, কিন্তু গৰিয়া বুলি ক’ব লাজ কৰে বুলি উল্লেখ কৰি কয় যে, ভাষা-সংস্কৃতিত অসমীয়া হিন্দু আৰু গৰিয়া সকলৰ কোনো পাৰ্থক্য নাই। বহুতে আজি নতুন সাজ-সজ্জাত মন দিয়ে যদিও মেখেলা-চাদৰ, ধূতি-পাঞ্জাৱী সকলোৱে একালত পৰিধান কৰি অসমৰ জাকীয় জীৱনত অভিন্ন অংগ হিচাবে গৌৰৱান্বিত কৰিছিল বুলি দাবী কৰে। সংগঠনটোৰ ৰাজ্যিক সভাপতি নুৰুল হকে উদ্বোধন কৰা কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতিক সভাপতি আৰু মহিবুল হকক সম্পাদক হিচাপে লৈ প্ৰকাশ কৰা ‘আই তোক কিহেৰে পূজিমে’ নামৰ স্মৃতিগ্ৰন্হ মুকলি কৰি প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে ছহিদ মোজাম্মিল হকৰ বলিদানৰ অধ্যায় পাঠ্যক্ৰত অন্তৰ্ভূক্তিৰ দাবী কৰে।

দাসে কয়, আজি সেনা-বাহিনীত কৰ্মৰত জোৱানত বাহিৰে কোনেও জীৱন বলিদান দিবলৈ ওলাই নাহে। মাতৃভাষা প্ৰৱৰ্তনৰ দৰে বিশেষ দাবীত অকালতে জীৱন আহুতি দিয়া মোজাম্মিল হক নিত্যান্তই নতুন চামে জনাৰ প্ৰয়োজন। নহলে গুগলত বিচাৰিব লগীয়া হব আৰু সময়ত কি তথ্য ওলাই সেয়া সন্দেহৰ বিষয় হব। গতিকে ৰাজ্য চৰকাৰে পাঠ্যসূচীত কিশোৰ গৰাকীৰ জীৱন আৰু বলিদান চমুকৈ হলেও অন্তভূক্ত কৰা সমীচিন।’উদযাপন সমিৰ সভাপতি ,মঙলদৈৰ বিধায়িকা তথা মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে সঞ্চালনা কৰা আৰু গৰিয়া-মৰিয়া-দেশী-জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকচেদ আহমেদ আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে আঁতধৰা সভাৰ আৰম্ভণিতে অভ্যাগত সকলক উদ্দেশ্যি আদৰণি ভাষণ দিয়ে সংগঠনটোৰ মুখ্য উপদেষ্টা তথা মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সভাপতি চহিৰ ভূঞাই। স্তম্ভ লেখক ছাইদুল ইছলাম, গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ , উপাধ্যক্ষ মোস্তাক উদ্দিন আহমেদ, সদস্যদ্বয় ৰছিদ আহমেদ, তবজুল হক ,উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ফজলুল হক, মাতৃভাষা ভাষা পৰিচালনা সমিতিৰ সম্পাদক মিছবাহুল হুদাই ভাষণ দিয়া মুকলি সভা উদ্বোধন কৰে কেন্দ্ৰীয় উপ-সভাপতি চহিদ আলি আহমেদে।

একেদৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় নাথ, সম্পাদক মৃণাল ৰাজবংশী, জিলা আছুৰ সভাপতি ৰাজু শৰ্মা, প্ৰিয়নাৰী খ্যাত ডঃ মন্দিৰা বৰুৱা, শিক্ষা বিষয়া দেবানন বড়ো আদি উপস্হিত থকা সভাত শিল্পী ৰহিমৰাজে জুবিন সংগীত পৰিৱেশন কৰি আপ্লুত কৰে। মাতৃভাষা বটাঁৰ সৈতে চেলেং চাদৰ, ফুলাম গামোচা, শৰাই, জাপি, স্মাৰক, প্ৰশস্তি পত্ৰ আদিৰ লগতে বহু উপহাৰ আগবঢ়োৱা হয়। ৰাতিপুৱা ভাগত পৰিষদৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদে,। পৰিষদৰ দৰং জিলা সমিতিৰ কাৰ্যালয় হিচাপে অসম চৰকাৰৰ গৰিয়া উন্নয়ন পৰিষদৰ মঞ্জৰীৰে ১৫.৩২ লাখ টকাৰ ব্যয় সাপেক্ষ ছহিদ মোজাম্মিল হক ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে মন্ত্ৰী নীলিমা দেৱীয়ে।ছহিদ তৰ্পণ কৰে ছহিদ ভাতৃ বদ্ৰুল হকে আৰু স্মৃতি তৰ্পণ মুকলি কৰে বিশিষ্ট সাহিত্যিক ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। কাৰ্যসূচী অনুসৰি ৬ অক্টোবৰৰ পুৱা ৮.০০ বজাত পৰিবেশ নিকাকৰণ,৩.০০ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সন্ধিয়া ৫.৩০ বজাত ৫৫ গৰাকী বিশিষ্ট ব্যক্তিৰে ৫৫ গছি বন্তি প্ৰজ্বলন কৰি ৫৫ বছৰ পূৰ্বে ছহিদ হোৱা বীৰ ছহিদ মোজাম্মিল হকক বিশেষভাৱে স্মৰণ কৰা হ’ব বুলি উদযাপন সমিতিৰ সাধাৰণ সম্পাদকদ্বয় ছাদ্দাম হুছেইন আৰু বাপুকণ আটাউৰ ৰহমানে জনাইছে।

Related Articles