ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ মানকটা কৃষিচক্ৰৰ এলেকাস্থিত নিজ খনিকৰ গাৱঁৰ ৮হেক্টৰ মাটিত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উদ্যোগত,ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত তথা প্ৰাগ নিউজৰ ডিব্ৰুগড় সাংবাদিক হোমেন ফুকন আৰু সাংবাদিক ধনটি শইকীয়াৰ একনিষ্ঠ প্ৰচেষ্টাত বানাক্ৰান্তক বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ উদেশ্যে সমূহীয়াভাৱে কঠীয়া সিচাঁ কাৰ্যসূচী হৈ যায়।লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই বন্তি প্ৰজ্বলন কৰি বনশংকৰ প্ৰজাতিৰ বাহাদুৰ চাব-১ ধানৰ কঠীয়া সিচিঁ শুভাৰম্ভ কৰি অসম চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে সমূহীয়াভাৱে সিচাঁ কঠীয়া বানাক্ৰান্ত কৃষকৰ মাজত যোগান ধৰি ধান খেতি কৰিৱ পৰাকৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহন কৰা হৈছে বুলি উল্লেখ কৰে আৰু বানাক্ৰান্ত কৃষক সকলে এই কঠীয়া যোগাৰ পালে উপকৃত হব বুলি প্ৰকাশ কৰে।সমূহীয়াভাৱে কঠীয়া সিচাঁ কাৰ্যসূচীত অসম ৰাজ্যিক বিজেপি জনজাতি মৰ্চাৰ সাধাৰণ সম্পাদক ৰাহুল দেৱ সোনোৱাল,ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এচ ডি অ সুৰেণ কুৰ্মি ‘মানকটা কৃষিচক্ৰৰ কৃষি উন্নয়ন বিষয়া শ্ৰীলেখা হাজৰিকা ‘কৃষি বিভাগৰ অভিযন্তা ভুপেন দাস আৰু কৃষি বিভাগৰ সম্প্ৰসাৰণ সহায়ক ৰাজীৱ গগৈ ‘এন এফ এচ এম প্ৰেৰণা প্ৰৱৰ গগৈ ‘খনিকৰ মণ্ডল বিজেপিৰ সম্পাদক দেৱৰাজ তাতী ‘ডিব্ৰুগড় জিলা বিজেপি যুৱমৰ্চাৰ সম্পাদক মনোজ কুমাৰ গগৈ ‘বিজেপি যুৱমৰ্চাৰ সামাজিক মাধ্যমৰ আহবায়ক শ্যামকানু গগৈ আৰু খনিকৰ গাওঁ পঞ্চায়তৰ সভাপতি বিনয় মাঝি আদিয়ে সহযোগিতাৰে সেৱা আগবঢ়ায় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেতিয়াও ভবা নাছিলো যে মই ক্ৰিকেট খেলিবলৈ আমেৰিকালৈ আহিমঃ বিৰাট কোহলী…
- অসম তথা উত্তৰ পূবত ৰেমালৰ প্ৰভাৱে দুৰ্যোগৰ মাজলৈ থেলি দিয়া জনসাধাৰণৰ দুখ দুৰ্দশাত উদ্বিগ্নতা প্ৰকাশ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ…
- আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ…
- খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ এই টিপছবোৰ মানি চলক…
- অসম তথা উত্তৰ পূবৰ ভয়াবহ বান পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ…
- বি এইচ বি মহাবিদ্যালয়ত মোফাজ্জল হুছেইনৰ বিদায় সভা
- কাছাৰৰ কেইবাস্থানতো বান-খহনীয়া পৰিস্থিতিৰ বুজ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- শিৱসাগৰৰ পানীবিলত লিলি ফুকন নামৰ লোকজনৰ বাসগৃহলৈ গুলী…
- চেঁচা কলাজল নৈত কোম্পানীয়ে এৰি দিয়া প্ৰদূষিত পানীৰ বাবে জীৱকুলৰ বাবে ভয়াবহ ইংগিত…
- ফুড ক্ৰাফ্ট ইনষ্টিটিউটত সামৰণি পৰিল ফাৰ্ষ্ট ফুড ভেণ্ডৰ ১০ দিনীয়া কৰ্মশালা…