গড় চাবলৈ এতিয়া কাজিৰঙালৈ যাব নালাগে । মৰাণৰ কোটোহা, লেজাই, বগীবিল আদি অঞ্চলত মুকলি পথাৰত দৌৰি ফুৰে গড় । কিছুদিনৰ পৰা এটা গড়ে মৰাণ সমষ্টিৰ এই অঞ্চল কেইটাত মুক্ত বিচৰণ কৰি ফুৰা দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে । আজিও মৰাণৰ কোটোহা ভগামুৰত গড়টোৱে মুক্ত ভাৱে ঘূৰি ফুৰা দৃশ্য প্ৰত্যক্ষ কৰে ৰাইজে । গড় দেখি আতংকিত হয় গাঁওবাসী । গাঁওখনৰ এটা নামঘৰৰ সমীপত গড়টো প্ৰত্যক্ষ কৰে স্থানীয় কেইজনমান লোকে । পিছত বহু লোকে গড়টো চাবলৈ অহা দেখি সেই ঠাই এৰি পলায়ন কৰে গড়টোৱে । বন বিভাগৰ লোকে গড়টোৰ সন্ধানত নামি পৰিছে যদিও কোনো শূংসূত্ৰ উলিয়াব পৰা নাই । খোৱাং আঞ্চলিক বন বিষয়া কে হানচে জানিবলৈ দিয়া অনুসৰি গড়টো ওচৰৰে মধুপুৰ বনাঞ্চলত আশ্চয় লৈ থাকে আৰু মানুহ দেখিলেই পলায়ন কৰে বুলি তেওঁ জনায় । ডিব্ৰুগড় বন সংমণ্ডলৰ এটা দল আৰু খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা দলে যুটীয়া ভাৱে গড়টো বিচাৰি অভিযান চলাইছে বুলি জানিব পৰা গৈছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…