হাৰিপৰা আলিত বৃহৎ মৰণফান্দ গাঁত : যিকোনো মুহূৰ্ততে বিপদৰ আশংকা

শিৱসাগৰ-শিমলুগুৰি(বি.জি.পথ)পথৰ হাৰিপৰা তিনি আলিৰ পৰা হাঁহচৰা-বেতবাৰী হৈ ডিমৌ চাৰি আলিক সংযোগ কৰা নাজিৰা ৰাজহ চক্ৰৰ হাৰিপৰা আলিটো বিশেষকৈ হাঁহচৰা আৰু বেতবাৰী মৌজাৰ কেইবাঠাইতো ভাগিছিগি যোৱাৰ লগতে হাঁহচৰা লেবাং গাঁৱত পথটোৰ সোঁমাজতে এটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে৷ সম্প্ৰতি অতি বিপজ্জনক হৈ পৰা এই গাঁতটো যোৱা বছৰ পৰা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিচতে বিভাগীয় কতৃপক্ষ আৰু ঠিকাদাৰৰ তৰফে টালিটোপোলা মাৰিছিল যদিও পালমৰা কামৰ বাবে সেই একেস্থানতে পথৰ সোঁমাজত এতিয়া পুনৰ এটা বৃহৎ গাঁত সৃষ্টি হৈছে৷ দিনৰ পোহৰত অহা-যোৱা কৰা সকলে দূৰৈৰ পৰা দেখা পাই যদিও ৰাতি হ’লে গাঁতটো নীৰৱ ঘাটক হিচাপে থিয় দিছে৷ ২০২২ চনত জনৈক গায়নে হাৰিপৰা তিনি আলিৰ পৰা ৮.২ কিলোমিটাৰ কাম সম্পূৰ্ণ কৰা আলিটোৰ এতিয়া ঠায়েঠায়ে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ উপৰিও লেবাং গাঁৱৰ মাজত পথটোৰ এটা ফাল এঢলীয়া হৈ পৰিছে যদিও সংশ্লিষ্ট বিভাগৰ কোনো ভ্ৰূক্ষেপ নাই ৷

দৈনিক কেইবাখনো স্কুল-কলেজৰ শিক্ষাৰ্থী,ভিন্ন ক্ষেত্ৰৰ চৰকাৰী-বেচৰকাৰী কৰ্মচাৰী,জৰুৰীকালীন ৰোগী তথা সঘনাই অহা-যোৱা কৰা অন্যান্য লোকসকলে এই বিপদসংকুল পথেদিয়ে অনিচ্ছা স্বত্ত্বেও অহা-যোৱা কৰিব লগা হৈছে ৷ শিৱসাগৰ জিলাৰ ডিমৌ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত থকা এই বিধ্বস্ত পথটোৱেদি নিতৌ বালি,শিল নিয়া সৰু-বৰ ডাম্পাৰ আৰু বিভিন্ন সামগ্ৰী অনা-নিয়া কৰা গধূৰ বাহন অহৰহ চলাচল কৰাৰ পিচতো পথটোৰ সমস্যাৰ প্ৰতি জনপ্ৰতিনিধিয়েই হওক বা বিভাগীয় বিষয়াই হওক গুৰুত্ব নিদিয়াটো আশ্বৰ্যজনক ৷

ইপিনে চেপন-চূণপোৰা পথটোৰ নঙলামৰা দলঙেৰে গধূৰ যানবাহন নিষিদ্ধ থকাত বিকল্প পথ হিচাপে এই হাৰিপৰা আলিয়েদি দৈনিক যথেষ্ট সংখ্যক যান – বাহন আহ-যাহ কৰিব লগা হৈছে৷ তেনেক্ষেত্ৰত কেৱল সংবাদ মাধ্যমত বিধ্বস্ত পথৰ বাতৰি প্ৰকাশ পালেহে গা-লৰা সংশ্লিষ্ট বিভাগৰ ক্ষেত্ৰ ভিত্তিক নিয়োজিত বিষয়া-কৰ্মচাৰীয়ে প্ৰকৃততে কৰ্তব্যৰ নামত কি কৰে সেয়া প্ৰশ্নৰ বিষয়৷ সেয়ে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰা ক্ষোভিত ৰাইজে এই পথটোৰ এক খৰতকীয়া সমাধানৰ দাবী জনাইছে৷

Related Articles