আদালতত হাজিৰ কৰোৱাৰ পিছতে মুকলি আকাশৰ তললৈ CJPৰ তিনি নেতা

আদালতত হাজিৰ কৰোৱাৰ পিছতে মুকলি আকাশৰ তললৈ CJPৰ তিনি নেতা

আদালতত হাজিৰ কৰোৱাৰ পিছতে মুকলি কৰি দিয়া হয় CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক। শনিবাৰে পুৱা দিল্লী আৰক্ষীয়ে বিমানৰ ভিতৰৰ পৰাই আটক কৰিছিল তিনিওগৰাকী নেতাক।

প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় ন্যায় সংহিতাৰ ১২৬ আৰু ১৭০ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল CJPৰ তিনিওগৰাকী নেতাক। পিছত দিল্লী কেণ্টৰ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় তেওঁলোকক। দণ্ডাধীশে তিনিওকে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

ইফালে, কিছু সময় পূৰ্বে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীকো মুকলি কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Related Articles