কোকৰাঝাৰৰ জিলাৰ ঐতিহ্যমণ্ডিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীক আজি আৰণ্যক নামৰ বেচৰকাৰী সংস্থাই দহখন চাইকেল প্ৰদান কৰিছে৷ গোসাঁইগাঁও মহকুমাৰ কচুগাঁওস্থিত বন বিভাগৰ পৰিদৰ্শক বঙলাত আনুষ্ঠানিকভাবে বনকৰ্মী সকলক চাইকেল বিতৰণ কৰে বিটিচি বন আৰু পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰীয়ে৷
স্থানীয় বিধায়ক শোভাৰাম বসুমতাৰী, বন বিভাগৰ সচিব গোকুল ব্ৰহ্ম, বিভাগৰ মুখ্য মুৰব্বী ড° সোণালী ঘোষ, ৱাইল্ড লাইফ ট্ৰাষ্টৰ সঞ্চালক সনাতন ডেকাৰ উপৰি বন বিভাগৰ বিভিন্ন পদবীধাৰী, বন বিষয়া, ৰেঞ্জাৰ, বন সুৰক্ষা কৰ্মী আদিয়ে উপস্থিত থাকে৷চাইকেল বিতৰণ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয়, বনাঞ্চলৰ বহু দুৰ্গম এলেকা আছে, যিবিলাক ঠাইত যানবাহন যাব নোৱাৰে, খোজকাঢ়ি যোৱাও যথেষ্ট কষ্টকৰ, তেনে ঠাই সমুহত বনকৰ্মী সকলে চাইকেলৰ সহায়ত যাতায়ত কৰিবলৈ সুবিধা হোৱাকৈ চাইকেল প্ৰদান কৰা হৈছে৷
ইয়াৰ দ্বাৰা বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ’ব৷এনেকি ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন সময়ত দুস্কৃতিকাৰী আৰু চোৰাং চিকাৰী প্ৰবেশ কৰি বন্যপ্ৰাণী চিকাৰ কৰা আৰু বনজ সম্পদ ধ্বংস কৰা সকলক সকীয়াই দি বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণী নিধন কৰা সকলক এনে গৰ্হিত কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷সম্প্ৰতি বিটিচি বন বিভাগে এইবিলাকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে৷

