আজি ষষ্ঠী।
বেলবৰণেৰে বেদীত প্ৰাণ প্ৰতিষ্ঠা হ’ব দেৱী দুৰ্গাক।
দুৰ্গতি নাশিনীৰ বন্দনা, ঢাক, দবা, কাঁহ শংখধ্বনিৰে মুখৰিত হৈ পৰিছে পূজাথলী সমূহ।
আকৰ্ষণীয় পূজা মণ্ডপেৰে চমক সৃষ্টি কৰিছে পূজা কমিটীসমূহে।
অধিবাস, বোধন, আমন্ত্ৰণেৰে আৰম্ভ মহিষমৰ্দিনীৰ পূজা।
ঢাকৰ শব্দ, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ’ব ৰাজ্য।

