অখিল গগৈৰ মুক্তিক জাতীয় পৰিষদৰ আদৰণি

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজি কাৰাগাৰৰ পৰা মুক্তি পোৱা কাৰ্যক অসম জাতীয় পৰিষদে আদৰণি জনাইছে৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ই অখিল গগৈৰ বিৰুদ্ধে আদালতত প্ৰমাণ দাখিল কৰি নোৱাৰা ঘটনাই এন আই এ-ক যে চৰকাৰে আক্ৰোশ পূৰণ আৰু দমনৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, সেয়া উদঙাই দিলে৷ অখিল গগৈৰ সুস্বাস্থ্য কামনা কৰি ভূঞাই অখিল গগৈৰ মুক্তিক গণতন্ত্ৰৰ জয় হিচাপে আখ্যায়িত কৰে৷

Related Articles