অখিল গগৈৰ মুক্তিত জন্মগাঁও লুখুৰাখনত অবতৰীয়া দীপাৱলী।

আজি পুৱাৰ ভাগত কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ NIAৰ গোচৰত দোষমুক্ত হোৱাৰ পিছতে মৰিয়নিৰ লুখুৰাখনস্থিত অখিল গগৈৰ গৃহত ভিৰ কৰে গুণমুগ্ধই। গাঁওবাসীয়ে ফটকা ফুটাই আবতৰীয়া দেৱালী পালন কৰাৰ লগতে গাঁও বাসীৰ লগতে কৃষক নেতাৰ মাতৃ প্ৰিয়দা গগৈয়ে কেক কাটি আনন্দ প্ৰকাশ কৰে। আজি ন্যায়লয়ৰ ৰায়ক আদৰণি জনাই আবেগিক হৈ অখিল মাতৃ প্ৰিয়দা গগৈয়ে এইয়া সততাৰ জয় বুলি উল্লেখ কৰে।কেতিয়াবা ন্যায়লয়ৰ ওপৰত কিঞ্চিত হলেও আস্থাহীন হৈ পৰিছিল যদিও আজিৰ ৰায়দানৰ পিছত নিজৰ সন্তোষ্টি প্ৰকাশ কৰিলে অখিল গগৈৰ বৰ্ষীয়ান মাতৃ প্ৰিয়দা গগৈয়ে। তেওঁ লগতে ভগৱানক তেওঁ কৰা প্ৰাৰ্থনাৰ বাবেই আজি পুত্ৰই মুকলি আকাশৰ তললৈ আহিবলৈ সফল হল বুলি উল্লেখ কৰি ভগৱানক সেৱা জনাই।

Related Articles