১জুলাইত ওদালগুৰি জিলাৰ ওৰাং, ৰৌতা আৰু মাজবাটত ৭২ সংখ্যক বন মহোৎসৱ পালন কৰে মাজবাট বন বিভাগে। এই বন মহোৎসৱৰ লগত সংগতি ৰাখি মাজবাট বন বিভাগে বিভিন্ন অঞ্চলত গছ পুলি ৰোপন কৰে । আম, মধুৰীআম ,শিলিখা, জাম,কঠাল ইত্যাদি মুল্যবান ফল মূল ৰোপন কৰাৰ উপৰিও তিতাচপা,হলখ,গমাৰী ,শাল, চেগুন আদি অৰুনাচল ৰূপা পথৰ দাঁতিত গছ ৰুই মাজবাট বন বিভাগে বন মহোৎসৱ কাৰ্য্যসূচী ৰূপায়ন কৰিছে । ইফালে মাজবাট বনাঞ্চলিক কাৰ্যালয়ৰ বিট অফিচাৰ মিন্টু বড়োই ওৰাং, ৰৌতা আৰু মাজবাটৰ কেইবাঠাইতো গছ পুলি বিতৰণ কৰি বন মহোৎসৱৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে । ৭২ সংখ্যক এই বন মহোৎসৱ কাৰ্যসূচী আজি ১ জুলাইৰ পৰা ৭ জুলাই লৈকে বন মহোৎসৱ কাৰ্যসূচী পালন কৰা হব বুলি মাজবাট আঞ্চলিক বন বিভাগৰ বিট অফিচাৰ মিন্টু বড়োই জানিবলৈ দিছে ।

