আজি পবিত্ৰ বিজয়া দশমী।
প্ৰায় এমাহ জোৰা দুৰ্গাপূজাৰ প্ৰস্তুতি আৰু আনন্দ-উল্লাসৰ অন্তত দেৱী দুৰ্গতিনাশিনীক মৰ্ত্যৰ ভক্তগনে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব।
এই বিজয়া দশমীৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে ৰাৱন দাহণ কাৰ্যসূচী।
উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে দাহণ কৰিব এটা দৈত্যাকায় ৰাৱনৰ প্ৰতিমূৰ্তি।
অশুভ শক্তি বিনাশৰ প্ৰতিকি অৰ্থত দাহণ কৰা হ’ব এই দৈত্যাকৃতিৰ ৰাৱণ।
স্থানীয় শিল্পী বনমালী ভৰালীৰ নেতৃত্বত এটা দলে সাজি উলিয়াইছে এই ৰাৱনটো।
অইন বেলিৰ দৰে এইবেলিও প্ৰায় লক্ষাধিক ভক্তৰ সমাগম হোৱাৰ আশা কৰিছে উদ্যোক্তা সকলে।
নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিছে আৰক্ষী-প্ৰশাসনে।
ৰাৱন দাহণ কাৰ্যসূচী উদ্বোধন কৰিব মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে।

