নলবাৰী জিলাৰ মুকালমুৱাৰ সমীপৱৰ্তী আদাবাৰীস্থিত বাঘেশ্বৰী দেওবাঁহৰগুৰি দেৱালয়খন হৈছে নলবাৰী জিলাখনৰ এখন অন্যতম ঐতিহাসিক প্ৰাচীন শক্তিপীঠ।
দেওবাঁহৰগুৰি দেৱালয়ৰ ইতিহাস: এই মন্দিৰ কোনে,কেতিয়া নিৰ্মাণ কৰিছিল তাৰ সঠিক তথ্য আজিও উদ্ধাৰ হোৱা নাই। কিন্তু ইয়াৰ অলৌকিক শক্তিৰ বাবে আহোম ৰজা কমলেশ্বৰ সিংহই এই মন্দিৰক ৰাজপৃষ্ঠপোষকতা প্ৰদান কৰিছিল বুলি ইতিহাসত পোৱা যায়। সেয়েহে,মন্দিৰটো অসম চৰকাৰৰ পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্ত।
নামৰ তাৎপৰ্য আৰু উৎপত্তিৰ প্ৰবাদ: দেওঁবাঁহৰগুৰি দেৱালয়ক “বাঘেশ্বৰী” বুলি কোৱাৰ লগতে এক আধ্যাত্মিক কাহিনী প্ৰচলিত হৈ আহিছে। “বাঘ + ঈশ্বৰী” অৰ্থাৎ বাঘৰ দৰে শক্তিশালী দেৱী। দেৱী দুৰ্গাৰ বাহন হৈছে বাঘ, সেইবাবেই তেওঁক বাঘেশ্বৰী কোৱা হয়।
আনহাতে “দেওঁবাঁহৰগুৰি” নামটোৰ উৎপত্তিৰ আঁৰত দুটা প্ৰচলিত প্ৰবাদ প্ৰচলিত। যিখিনি ঠাইত আজিৰ মন্দিৰটো অৱস্থিত সেই ঠাইৰ কাষৰ হাবিত বাঁহগছৰ গাঁঠি ওলোটাকৈ থকা দেখা গৈছিল, যাৰ বাবে ইয়াক দেওঁ লগা বাঁহ বোলা হৈছিল। আনটো প্ৰবাদ আটাইতকৈ বেছি প্ৰচলিত। প্ৰবাদ অনুসৰি, বহু বছৰ আগতে গৰখীয়া ল’ৰাবোৰে বিৰিণাৰে ভৰা ঠাইডোখৰত গৰু চৰাই থাকোঁতে ধেমালিৰে বিৰিণাৰ পাতেৰে ফৰিং বলি দিছিল। এদিন ফৰিং নোপোৱা এজন গৰখীয়াক শাস্তি দিবলৈ ধেমালিৰ চলেৰে বিৰিণাৰ পাতেৰে বলি দিব বিচৰাত সঁচাকৈয়ে সেয়া তেজৰ বলিলৈ পৰিণত হৈছিল। এই অলৌকিক ঘটনাৰ পিছতে ইয়াত দেৱীৰ অস্তিত্ব আছে বুলি বিশ্বাস কৰি পূজা আৰম্ভ হয়। সেই বিৰিণাৰ বলিয়েই আজিৰ মহানৱমীৰ বলি পৰম্পৰাৰ আৰম্ভণি বুলিও কোৱা হয়।
পৰম্পৰা আৰু মহানৱমী: এই দেৱালয়খনৰ আটাইতকৈ পুৰণি পৰম্পৰা হৈছে মহানৱমীৰ বলি। পূৰ্ব্বাপৰ পৰম্পৰা অনুসৰি আজি বাঘেশ্বৰী দেৱালয়ত অনুষ্ঠিত হ’য় বলি উৎসৰ্গা। দেৱালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি,পূৰ্বাপৰ পৰম্পৰা অব্যাহত ৰাখি এইবেলি ছাগলী, হাঁহ, কোমোৰা আৰু কুঁহিয়াৰ বলি দিয়াৰ ব্যৱস্থা কৰা হৈছে। দুৰ্গা পূজাৰ লগত সংগতি ৰাখি নাগাৰা নামৰ লগতে দেৱীৰ নাম কীৰ্তন কৰা হয়। এই নামতো অঞ্চলটোৰ হেজাৰ হেজাৰ ভক্তই অংশ লয়। মুঠতে, বাঘেশ্বৰী দেৱালয় কোনো ব্যক্তিগত মন্দিৰ নহয়। পূব-বৰক্ষেত্ৰী অঞ্চলৰ ১০ খন গাঁৱৰ ৰাইজে মিলি এই পূজা পাতে। সেয়েহে, এই দুৰ্গা পূজাৰ কমিটিখনক”পূব-বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ” নামেৰে অভিহিত কৰা হৈছে। মহানৱমীৰ এই বিশেষ পূজাক কেন্দ্ৰ কৰি দেৱালয়খনত পুৱাৰে পৰা ভক্তৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে। শক্তিপীঠ বাঘেশ্বৰী দেৱালয়ৰ এই পৰম্পৰাগত পূজা-পাৰ্বণক লৈ এতিয়া সমগ্ৰ আদাবাৰী অঞ্চলত সৃষ্টি হৈছে এক ভক্তিময় পৰিৱেশ।
প্ৰতিবেদন প্ৰেৰকঃ পিংকু মণি ৰায় চৌধুৰী
জয়সাগৰ, নলবাৰী।
ফোন:৯৯৫৪২২৬৬৪১

